জোনাই, ৭ মে': বিগত বছৰৰ দৰে এই বছৰো হাজং জনজাতিৰ প্ৰধান আৰাধ্য দেৱতাৰ বাস্তু পূজা জোনাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় (Vaastu Puja at Jonai)। বাস্তু পূজা কৃষিৰ লগত জড়িত । খেতি পথাৰৰ কাম-কাজ আৰম্ভ কৰাৰ আগমুহূৰ্তত হাজং সমাজে বাস্তু পূজা কৰে যাতে বাস্তু দেৱতাৰ কৃপাত খেতি-পথাৰ নদন-বদন হৈ উঠে ।
সেই উদ্দেশ্যে জোনাই মহকুমা হাজং ছাত্র সংস্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইৰ হাজং ৰাইজৰ সহযোগত শুক্ৰবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিলনতীর্থ গাঁৱত দ্বিতীয় বাৰ্ষিক জোনাই আঞ্চলিক বাস্তু পূজাৰ পালন কৰা হয় (Jonai Hajong Students Union) ৷ শনিবাৰে হাজং কৃষ্টি প্ৰদৰ্শৰ আৰু আমন্ত্ৰিত অতিথিৰ চিনাকি পৰ্ব অৰু সম্বৰ্ধনা অনুষ্ঠানৰ পিছতে মুকলি সভাৰ অনুষ্ঠিত হয় ৷
বাস্তু পূজাৰ সৈতে সংগতি ৰাখি এখন মুকলি সভাৰ আয়োজন কৰা হয় (Hajong celebrated Vaastu Puja at Dhemaji)। উদযাপন সমিতিৰ সভাপতি চুৱল হাজঙৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাৰ আলোচনা চক্ৰত বাস্তু পূজাৰ সম্পৰ্কে ২ নং মূৰ্কংচেলেক সমষ্টিৰ মিচিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাঙৰ লগতে জোনাইৰ কেইবাগৰাকী বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ৷ উল্লেখযোগ্য যে, হাজং সমাজত বাইস পূজা বা বাস্তু পূজা হ'ল এক অন্যতম প্রধান পূজা । অর্থাৎ হাজং সমাজত মূল আৰাধ্য দেৱতাই হৈছে বাইস বা বাস্তু দেৱতা ।
হজংসকলে প্রকৃতিৰ নানা অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আৰু সুখে সন্তোষে থাকিবৰ কাৰণে বাস্তু দেৱতাৰ পূজা কৰে । হাজংসকলৰ প্ৰতিখন গাঁও বা একোটা চুবুৰীত একোটাকৈ বাইসশালী থাকে । তেঁওলোকে বছৰৰ প্ৰথম মাহ ব'হাগত এই পূজা অনুষ্ঠিত কৰে । বাইস দেওৰ আগত পঠা ছাগলী, কাছ, পাৰ কোমোৰা আদি বলি দিয়া হয় । পূজাত ঘৰুৱা মদ আদিও আগবঢ়োৱা হয় । হাজংসকলৰ এই বিশেষ পূজাক কৃষি পূজা বুলিও কোৱা হয় । কিয়নো কৃষিৰ উৎকর্ষ সাধনেই এই পূজাৰ মূল লক্ষ্য।