ETV Bharat / state

জোনাইত মিচিং লোকনৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি - jonai

মঙলবাৰে সামৰণি পৰে মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ধেমাজি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত মিচিং লোকনৃত্য (গুমৰাগ) প্ৰশিক্ষণ কৰ্মশালাৰ ৷

jonai-gomrag-trainig-camp
জোনাইত মিচিং লোকনৃত্য(গুমৰাগ) প্ৰশিক্ষণৰ কৰ্মশালাৰ সামৰণি
author img

By

Published : Dec 29, 2020, 10:11 PM IST

জোনাই, ২৯ ডিচেম্বৰ: কণ কণ মিচিং নৃত্য শিল্পীৰ গুমৰাগ নৃত্যৰে মুখৰিত হৈ পৰিছে জোনাই ৷ মঙলবাৰে সামৰণি পৰিল মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অন্তৰ্গত সাংস্কৃতিক নৱজাগৰণ অভিযান সমাজৰ উদ্যোগত, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ ধেমাজি সাংস্কৃতিক কেন্দ্ৰৰ দ্বাৰা আয়োজিত মিচিং লোকনৃত্য (গুমৰাগ) প্ৰশিক্ষণ কৰ্মশালাৰ ৷

জোনাইত মিচিং লোকনৃত্য প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

জোনাই মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱনৰ প্ৰাংগণত যোগেশ চাহৰ আৰু ভানুপ্ৰিয়া মিৰিৰ নেতৃত্বত অনুষ্ঠিত মিচিং লোকনৃত্য (গুমৰাগ) প্ৰশিক্ষণ কৰ্মশালা যোৱা ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল ৷ কৰ্মশালাত অৱন:ৰি, পবা, ককৰ:লি, অৎচুৰ নামে চাৰিটি দলৰ প্ৰায় শতাধিকৰো অধিক মিচিং নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰে ৷ মঙলবাৰৰ সামৰণি অনুষ্ঠানত জোনাই মূৰ্কংচেলেক মিচিং কৃষ্টি ভৱন মুখৰিত হৈ পৰে মিচিং লোকনৃত্য (গুমৰাগ) ৰে ৷ অনুষ্ঠানত জিলা সাংস্কৃতিক উন্নয়ন বিষয়া বিদ্যাধৰ দেউৰী, মিচিং স্বায়ত্বশাসিত পৰিষদৰ সদস্য নৰেশ কুম্বাং, জোনাই গাঁও পঞ্চায়তৰ সভাপতি জয়ন্ত বড়ি, জোনাই জিলা টি এম পি কে সম্পাদক বিধান মিলিৰ লগতে নৃত্য শিল্পী সকলৰ অভিভাৱক আৰু জোনাইৰ সংস্কৃতিক প্ৰেমী ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক: যোৰাবাটত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ তিনি সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.