ETV Bharat / state

জোনাইত বান শিবিৰত থকা বন্যাৰ্তলৈ মাংস-ভাতৰ যোগান

টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তুষাৰ ঙাতেৰ নামৰ উদীয়মান যুৱকজনে যোগান ধৰে এই খাদ্য ৷

author img

By

Published : Jul 25, 2020, 4:55 PM IST

জোনাইত বান শিবিৰত থকা বন্যাৰ্তলৈ মাংস-ভাতৰ যোগান
জোনাইত বান শিবিৰত থকা বন্যাৰ্তলৈ মাংস-ভাতৰ যোগান

জোনাই, ২৫ জুলাইঃ ধেমাজি জিলাৰ জোনাই মহকুমাৰ বেৰাচাপৰি অঞ্চলত বানৰ তাণ্ডৱৰ বাবে বৰ্তমানেও শ শ লোকে পৰিয়ালৰ সৈতে বাস কৰি আছে মাথাউৰিৰ লগতে আন আন স্থানত থকা চৰকাৰী আশ্ৰয় শিবিৰত ৷ ভয়ংকৰ বানত বহুতো লোকে হেৰুৱাইছে তেওঁলোকৰ মৰমৰ ঘৰখন ৷ বানৰ কবলত ঘৰ-বাৰী হেৰুৱাই সৰ্বহাৰা হৈ ভাগি পৰিছে বহু লোক ৷ আশ্ৰয় শিবিৰত থকা লোকসকলে কোনমতে পেট পুৰাই আছে মাত্ৰ ভোক নিবাৰণৰ বাবে ৷ তেওঁলোকৰ বাবে মাছ-মাংসৰে এসাজ এতিয়া হৈ পৰিছে বিলাসী খাদ্য ৷

বন্যাৰ্তলৈ মাংস-ভাতৰ যোগান

তেনে সময়তে মানৱতাৰ পৰিচয় দি,জোনাই মহকুমাত চৰকাৰীভাৱে স্থাপন কৰা তিনিটা শিবিৰত থকা প্ৰায় 250 গৰাকী বন্যাৰ্তক মাছ-মাংসৰে এসাজ ভাতৰ যোগান ধৰে টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তুষাৰ ঙাতেৰ নামৰ উদীয়মান যুৱকজনে ৷

শুকুৰবাৰে তুষাৰ ঙাতেৰৰ নেতৃত্বত বিপুল পেগু,শিৱ সোণোৱাল,কিৰণ টায়েং,ৰানা পামে আৰু কেইজনমান যুৱকৰ সহযোগত এই খাদ্যৰ যোগান ধৰা হয় ৷

লগতে পঢ়কঃ বিজেপিত যোগদান 5 শতাধিক কংগ্ৰেছ আৰু AIUDF সদস্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.