ETV Bharat / state

কণমানি ময়ূৰ কৃষ্ণা দাৱৰ পৰিয়ালৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান - Financial crisis of Jonai family

কঠোৰ প্ৰত্যাহ্বানক নেওচি জোনাইৰ ময়ূৰ কৃষ্ণা দাৱে শিক্ষা আহৰণ কৰি গৈছে (Special Student of Jonai)। বিশেষভাৱে সক্ষম কণমানিজনীৰ বাবে হুইল চেয়াৰখনে একমাত্ৰ ভৰসা । মুখ্যমন্ত্ৰীৰ ওচৰত কণমানিজনীৰ চিকিৎসাৰ বাবে পৰিয়ালটোৱে সহায় বিচাৰিছে ।

Jonai
কণমানি ময়ূৰ কৃষ্ণা দাৱৰ পৰিয়ালৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান
author img

By

Published : Aug 30, 2022, 5:49 PM IST

জোনাই,৩০ আগষ্ট : শাৰীৰিক বাধা বা দাৰিদ্ৰতা কেতিয়াও শিক্ষা আহৰণৰ ক্ষেত্ৰত বাধা হ'ব নোৱাৰে । এই কথা প্ৰমাণ কৰিলে ধেমাজিৰ এগৰাকী কণমানি ছাত্ৰীয়ে । জন্মৰে পৰাই বিশেষভাৱে সক্ষম হোৱা স্বত্বেও আন শিশুৰ দৰে নিতৌ পঢ়া-শুনা কৰি গৈছে জোনাইৰ ময়ূৰ কৃষ্ণা দাৱে (Specially abled student of Jonai)। হুইল চেয়াৰখনেই একমাত্ৰ ভৰসা কণমানিজনীজনীৰ ৷ তেনেকৈয়ে নিতৌ গৈছে বিদ্যালয়লৈ ।

কণমানি ময়ূৰ কৃষ্ণা দাৱৰ পৰিয়ালৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান

পখিলা খেদাৰ বয়সত আন শিশুসকলৰ বিপৰীতে কেৱল হুইল চেয়াৰখনতে দিন কটাইছে ময়ূৰ কৃষ্ণা দাৱে । তেওঁৰ বয়স মাত্ৰ ১০ বছৰ । যাৰ বাবে মাজে সময়ে আন সমনীয়াৰ সৈতে খেলিবলৈও তেওঁৰ মন যায় । কিন্তু শাৰীৰিক বাধাৰ বাবে একোৱে কৰিব নোৱাৰে ময়ূৰ কৃষ্ণাই ।

ধেমাজি জিলাৰ জোনাই মহকুমাৰ চমকং গাঁৱৰ নিৱাসী কনোজ দাৱ আৰু বিনীতা দাৱৰ তেওঁ জ্যেষ্ঠ কন্যা । বৰ্তমান তেওঁ চমকং প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী । ছাত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে ইতিমধ্যে বহু ধন খৰচ কৰিলে পিতৃয়ে (Financial crisis of Jonai family)।

কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ বাবে ময়ূৰ কৃষ্ণাৰ উন্নত চিকিৎসাৰ খৰচ বহন কৰিব পৰাৰ শক্তি নাই । ধনৰ অভাৱত পৰিয়ালটোৱে তেওঁক উন্নত চিকিৎসাৰ বাবে বাহিঃৰাজ্যলৈ নিব পৰা নাই । সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পৰিয়ালটোৱে অনুৰোধ জনাইছে যাতে ময়ূৰ কৃষ্ণাৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে দৰিদ্ৰ পৰিয়ালটোক সহায় সহযোগিতা আগবঢ়ায় ।

লগতে পঢ়ক :উদুলি মুদুলি টিংখাং মহাবিদ্যালয়ৰ বাকৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.