জোনাই, ৮ ফেব্ৰুৱাৰীঃ জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত শোকাৱহ দুৰ্ঘটনা ৷ পুৱতি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত আন এগৰাকী যুৱকক প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ।
পুৱতি নিশা প্ৰায় ২ বজাত জোনাই সদৰ পৰা পুৰণি জেলেম গাঁও অভিমুখী এ আৰ ০১-৬৭৬৩ নম্বৰৰ এখন পালচাৰ বাইকেৰে দুজন যুৱক গৈ থকা অৱস্থাত ৰুকচিন সীমান্তৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এখন দলঙৰ ওপৰৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাইকসহ তললৈ সৰি পৰে ৷ এই দুৰ্ঘটনাত গৌতম পেগু নামৰ এজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে বাইকখনৰ আনজন আৰোহী ডিচি দলে নামৰ যুৱকজনক সংকটজনক অৱস্থাত পুৱা ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷