ETV Bharat / state

জোনাইত জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

author img

By

Published : Oct 29, 2020, 3:52 PM IST

জোনাই গড়কাপ্তানী (পথ) সংমণ্ডলৰ অধীনৰ জোনাই কলেজ তিনিআলি-হাতীজান ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বিধ্বস্ত কালভাৰ্ট আৰু জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণৰ বাবে নিবিদা কাম সম্পূৰ্ণ হোৱাৰ এবছৰৰ পিছতো ঠিকাদাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰা নাই বুলি স্থানীয় ৰাইজে সদৰী কৰিছে ।

jonai-bad-road-condition
জোনাইত জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণৰ দাবী ৰাইজৰ

জোনাই, ২৯ অক্টোবৰ: জোনাই মহকুমা সদৰৰ অতি গুৰুত্বপূৰ্ণ কলেজ তিনিআলিৰ পৰা মূৰ্কংচেলেক কলেজ,হাতীজান,বালাবাৰী,ৰায়াং হৈ সেনা কেম্প সংযোগী পিএমজিএছৱাই পথছোৱা দীৰ্ঘবছৰ ধৰি জৰাজীৰ্ণ হৈ পৰাত মহকুমাটোৰ তিনিখনকৈ গাওঁ পঞ্চায়তৰ কুৰিখনতকৈ অধিক গাঁৱৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হ‘বলগীয়া হৈছে ৷ পথছোৱাৰ দুৰৱস্থাই উদঙাই দিছে পৰিৱৰ্তনশীল চৰকাৰখনৰ উন্নয়নৰ ফোপোলাস্বৰূপ। প্ৰায় ছয় কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাত হাতীজান গাঁৱৰ পৰা সেনা কেম্পলৈকে আজি পৰ্যন্ত পকীকৰণ নোহোৱাৰ লগতে জোনাই কলেজ তিনিআলিৰ পৰা হাতীজান গাঁৱলৈ ওঠৰ বছৰ আগতে গড়কাপ্তানী (পথ) বিভাগে পকীকৰণ কৰা আঢ়ৈ কিলোমিটাৰ পথৰ অৱস্থাও জৰাজীৰ্ণ হৈ পৰাত মহকুমাটোৰ তিনিখনকৈ গাঁও পঞ্চায়তৰ কুৰিখনৰো অধিক গাঁৱৰ জনসাধাৰণৰ যাতায়ত অতি শোচনীয় পৰিছে । বৰ্তমান জোনাই গড়কাপ্তানী (পথ) সংমণ্ডলৰ অধীনৰ জোনাই কলেজ তিনিআলিৰ পৰা হাতীজান গাঁৱলৈ আঢ়ৈ কিলোমিটাৰ পথছোৱা প্ৰায়েই জহি খহি যোৱাৰ লগতে পথত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে ।

উল্লেখ্য যে,জোনাই গড়কাপ্তানী (পথ) সংমণ্ডলৰ অধীনৰ জোনাই কলেজ তিনিআলি-হাতীজান ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ বিধ্বস্ত কালভাৰ্ট আৰু জৰাজীৰ্ণ পথৰ পুনৰ নিৰ্মাণৰ বাবে নিবিদা কাম সম্পূৰ্ণ হোৱাৰ এবছৰৰ পিছতো ঠিকাদাৰে নিৰ্মাণৰ কাম আৰম্ভ কৰা নাই বুলি স্থানীয় ৰাইজে সদৰী কৰিছে ।

এতিয়া সমগ্ৰ পথছোৱা পুনৰ নিৰ্মাণৰ লগতে বাকী পথছোৱা পকীকৰণ কৰিবলৈ ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ লগতে স্থানীয় ভুক্তভোগী ৰাইজে জনপ্ৰতিনিধি আৰু চৰকাৰ-প্ৰশাসনক দাবী জনাইছে ।
লগতে পঢ়ক: ঢোল বাঁহী আৰু ঐনিতমৰ সুৰেৰে মুখৰিত জোনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.