ETV Bharat / state

ASTC service in Jonai : তেলৰ খৰচেই নোলায়, সেয়েহে খেতিৰ বতৰত বন্ধ ৰাখিছে চৰকাৰী বাছসেৱা

author img

By

Published : Nov 26, 2022, 1:39 PM IST

এতিয়া খেতিৰ ভৰপক সময় ৷ বাছত যাত্ৰীৰ সংখ্যা তেনেই নগণ্য ৷ গতিকে সাময়িকভাৱে বন্ধ ৰখা হৈছে জোনাইৰ পৰা চলা বহুকেইখন চৰকাৰী বাছ ৷ কৰ্মচাৰীৰ ভাষ্য অনুসৰি তেলৰ খৰচেই নোলায় ৷ গতিকে খেতিৰ বতৰ শেষ হ’লেহে কেইখনমান বাছৰ চলাচল পুনৰ আৰম্ভ কৰা হ’ব (ASTC service in Jonai)৷

ASTC service in Jonai
তেলৰ খৰচেই নোলায়, সেয়েহে খেতিৰ বতৰত বন্ধ ৰাখিছে চৰকাৰী বাছসেৱা

জোনাই, ২৬ নৱেম্বৰ : অসম চৰকাৰৰ পৰিবহণ বিভাগ বুলিলে নতুনকৈ কিবা কোৱাৰ প্ৰয়োজন নাই ৷ নামত এটা বিয়াগোম বিভাগ যদিও বিভাগটোৰ কামৰ ক্ষেত্ৰত বিশেষ একো পৰিলক্ষিত নহয় ৷ পৰিত্যক্ত অৱস্থাতে বছৰ বছৰ ধৰি পৰি ৰয় অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ ৷ সুবিধা লাভ নকৰে সাধাৰণ জনতাই ৷ এই খবৰ নতুন নহয় ৷

ৰাজ্যৰ আন আন স্থানসমূহৰ দৰেই জোনাইতো প্ৰায় বিকল পৰিবহণ নিগমৰ বাছসেৱা ৷ এই সেৱা বিকল হৈ থকাৰ কাৰণসমূহ জানিলে আচৰিত হ’ব যিকোনো লোক ৷ চৰকাৰৰ আন বিভাগসমূহৰ দৰেই পৰিবহণ বিভাগৰ নামতো কোটি কোটি টকা ৰাইজৰ ধনৰ পৰা খৰচ কৰা হয় যদিও তেলৰ খৰচ নোলায় বাবেই বন্ধ কৰি ৰখা হৈছে বাছসেৱা ৷ এই কথা জনালে খোদ বিভাগটোৰ কৰ্মচাৰীয়ে (ASTC service in Jonai)৷

1984 চনতে জোনাইত স্থাপিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানালৈ গৈ সাংবাদিকে প্ৰশ্ন কৰিলে বিভাগীয় কৰ্মচাৰীক ৷ কিয় বিকল হৈ আছে পৰি আছে চৰকাৰী বাছসমূহ ? কিয় সাধাৰণ জনতাই লাভ কৰা নাই বাছসেৱা ৷ উত্তৰত পৰিবহণ বহন বিভাগৰ কৰ্মচাৰীৰ মন্তব্য- ‘‘খেতিৰ চিজনটো শেষ হ’লেই পুনৰ আৰম্ভ কৰা হ’ব বাছসমূহৰ সেৱা ৷ এতিয়া তেলৰ খৰচেই নোলায়’’৷

এটা চৰকাৰী বিভাগৰ এনে দুৰৱস্থাৰ খবৰ লাভ কৰাৰ পাচত সাংবাদিকৰ প্ৰশ্ন- বহু বাছ বিকল হৈ পৰি আছে ? কিয় ? উত্তৰত পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ মন্তব্য- ‘‘ ইয়াত যিকেইখন গাড়ী বিকল হৈ আছে, বিভাগে মেৰামতি কৰি দিলেহে চলাব পৰা হ’ব ৷ ইয়াতে মেৰামতি কৰিব পৰা পৰা অৱস্থাত নাই বাছকেইখন ৷ চৰকাৰে এতিয়ালৈকে একো পদক্ষেপ গ্ৰহণ কৰা নাই’’(ASTC bus service)৷

ইয়াৰোপৰি জোনাইৰ বাস আস্থানৰ পৰিৱেশটো দেখিলে চকু কপালত উঠিব যিকোনো লোকৰ (Assam state transport corporation Jonai)৷ এক কদৰ্যময় পৰিৱেশৰ মাজত আছে চৰকাৰী বাছসেৱাৰ আস্থান ৷ বিভাগটোৰ কৰ্মচাৰীৰ মন্তব্য অনিসৰি এই সন্দৰ্ভত বহুবাৰ বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে ৷ কিন্তু কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷

উল্লেখ্য যে, জোনাইৰ পৰা ক্ৰমে মাজুলী কৰটিপাৰ, নামচাই, তিনিচুকীয়া, গোলাঘাট আৰু কমলাবাৰী লৈ দৈনিক পাঁচখন চৰকাৰী বাছ চলাচল কৰিব লাগে যদিও মাত্ৰ দুখন বাছ ক্ৰমে কৰটিপাৰ আৰু তিনিচুকীয়ালৈ চলায়েই দায়িত্ব সামৰিছে বিভাগটোৱে (Bus service from Jonai)। যাৰ ফলত জোনাইৰ পৰা বিভিন্ন ঠাইলৈ যোৱা যাত্ৰীসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ।

লগতে পঢ়ক : Electricity tariffs in Assam: বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ এ পি ডি চি এলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.