ETV Bharat / state

জীয়াধল নদীৰ বাঢ়নী পানীয়ে বুৰালে ধেমাজীৰ কুৰিখন গাঁও - jiadhal flood affect 20 village

ধেমাজীত জীয়াঢলৰ প্ৰথমটো বানত বুৰিল বিস্তীৰ্ণ অঞ্চলত ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে বাগৰিল বাঢ়নী পানী ৷ ধেমাজী জিলা প্ৰশাসনক বান সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

jiadhol river flood affected 20 village in dhemaji
জীয়াধল নদীৰ বাঢনী পানীয়ে বুৰালে ধেমাজীৰ কুৰিখন গাঁও
author img

By

Published : Jun 2, 2021, 11:01 PM IST

ধেমাজী, 2 জুন : ধেমাজী জিলাৰ জীয়াধল নদীৰ বাঢ়নী পানীয়ে বুধবাৰে বাটঘৰীয়া, জীয়াধল, চমৰাজান পঞ্চায়তৰ প্ৰায় কুৰিখন গাঁও বুৰাই পেলায় ৷ বুধবাৰে জীয়াধল নদীৰ বানে ধেমাজী ৰাজহ চক্ৰৰ অন্তৰ্গত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জীয়াধল চাৰিআলিৰ পৰা ভজো গাঁৱলৈকে প্ৰায় ৬০ মিটাৰ অংশ বুৰাই পেলোৱাত যাতায়ত বিঘ্নিত হৈ পৰে ৷

জীয়াধল নদীৰ বাঢনী পানীয়ে বুৰালে ধেমাজীৰ কুৰিখন গাঁও

ইতিমধ্যে জিলা প্ৰশাসনৰ হৈ ধেমাজী ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ লগতে বন্যাৰ্তৰ অভাৱ অভিযোগৰ বুজ লয় ৷ ইপিনে বন্যাৰ্তৰ লগতে স্থানীয় আছুৱে বিজ্ঞানসন্মতভাৱে মথাউৰি নিৰ্মাণ কৰি চৰকাৰক শীঘ্ৰে এই বান সমস্যা সমাধান কৰিবলৈ দাবী জনায় ৷

ইপিনে বছৰটোৰ বানে ঘাইপথৰ দাঁতিকাষৰীয়া অঞ্চল জীয়াঢল চাৰিআলি আৰু ন-আলি ভজো গাঁৱৰ বহু কেইটা বাসগৃহ বুৰাই পেলোৱাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ সেয়ে ধেমাজী জিলা প্ৰশাসনক বান সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত এমাহ সাত দিনীয়া শিশুৰ ক’ভিডত মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.