ETV Bharat / state

ধেমাজিত জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভণি - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি

শনিবাৰে ধেমাজি বাটঘৰীয়াত আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰা হয় জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি ৷ জিলাখনৰ মুঠ ছয় খনকৈ আঁচনি আনুষ্ঠানিক ভাৱে মুকলি কৰে জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷

jal-jeevan-mission-scheme-launched-in-dhemaji
ধেমাজিত জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভণি
author img

By

Published : Aug 1, 2021, 8:29 AM IST

ধেমাজি,31 জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধেমাজি জিলাতো শনিবাৰে মুকলি কৰা হয় জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি ৷ শনিবাৰে ধেমাজি বাটঘৰীয়াত জনস্বাস্থ্য কাৰিকৰী বিভাগ, ধেমাজি সংমণ্ডলৰ জল জীৱন মিছনৰ অধীনত 2020-21 বৰ্ষৰ ছয়খন বৃহৎ পানী যোগান আঁচনি মুকলি কৰা হয় ৷ এক শুভ উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰে ধেমাজি জিলা পৰিষদৰ সভাপতি মোহন গগৈ আৰু ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে ৷ উক্ত ছখন পানী যোগান আচঁনিৰ অধীনত 100 শতাংশ কাৰ্যক্ষম ঘৰুৱা নল সংযোগ কৰা হয় ৷

ইয়াৰ পিছতে বাটঘৰীয়াৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখন উদ্বোধনী সভা অনুষ্ঠিত কৰি আঁচনি কেইখনৰ সম্পৰ্কত ৰাইজৰ সন্মুখত বৰ্ণনা দাঙি ধৰে বিশিষ্ট ব্যক্তি সকলে ৷ উল্লেখ্য যে, এই ছখন পানী যোগান আঁচনি হৈছে 113 নং ধেমাজি বিধানসভা সমষ্টিৰ বাটঘৰীয়া, লাউমুৰী ,কোৱাফলা ,বৰদৈবাম আৰু সৰিয়নি পানী যোগান আঁচনি ৷ সেইদৰে 114 নং জোনাই বিধানসভা সমষ্টিত আছে সোনাপুৰ পানী যোগান আচঁনি ৷

উল্লেখ্য যে, অসমত এই মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে 26 হাজাৰ কৌটি টকা মুকলি কৰি দিছে ৷ চৰকাৰী তথ্য মতে,2019 চনৰ পৰা আৰম্ভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই সপোনৰ আঁচনিখনৰ জৰিয়তে 2024 চনৰ ভিতৰত অসমৰ প্ৰতিটো পৰিয়ালে বিশুদ্ধ খোৱা পানী লাভ কৰিব ৷ শনিবাৰৰ দিনটোত ৰাজ্যৰ কেইবাখনো জিলাত আনুষ্ঠানিকভাৱে শুভাৰম্ভণি কৰা হয় জল জীৱন মিছনৰ অধীনৰ পানী যোগান আচঁনি ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনক বাস্তৱ কৰাৰ দিশত অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ ৷

লগতে পঢ়ক : শোণিতপুৰত কেন্দ্ৰীয় জল জীৱন মিছনৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.