জোনাই, ২৭ আগষ্ট: ৰাজ্য় চৰকাৰে বিগত কেইবা বছৰৰ পৰা ৰাজ্য়খনৰ প্ৰতিখন জিলাতেই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দুপৰীয়াৰ আহাৰ হিচাপে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিছে(Mid day meal in Assam)। কিন্তু এতিয়া একাংশ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বাবে ভেকোভাওনাত পৰিণত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । ধেমাজি জিলাৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ বাবে অহা চাউল ছাত্ৰ ছাত্ৰীক মধ্যাহ্ন ভোজনত(Mid day meal scam in Dhemaji)ৰান্ধি নিদিয়াকৈ পেলাই থোৱাৰ বাবে পঁচি যাবলৈ ধৰিছে ।
এই ঘটনাটে সংঘটিত হৈছে জোনাইৰ ডেকাপাম কুঁহিয়াৰবাৰী প্ৰাথমিক বিদ্যালয়খনত(Scam in Dekapam Kuhinyarbari School)। উত্থাপিত অভিযোগ অনুসৰি মধ্যাহ্ন ভোজনৰ বাবে অহা চাউল পঁচি যোৱাৰ পিছত সেই পঁচা চাউল ছাত্ৰ ছাত্ৰীক খুৱাইছে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ৰ লগতে প্ৰধান শিক্ষকে । ছাত্ৰ ছাত্ৰীক পঁচা চাউল ৰান্ধি খুউওৱা ঘটনাই অভিভাৱকৰ লগতে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
জিলাখনৰ জোনাইস্থিত এইখন প্ৰাথমিক বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ নামত খুৱাইছে বৰবিহ(Rotten rice in Jonai school)। চৰকাৰৰ কঠোৰ নিৰ্দেশৰ পিছতো উক্ত বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ-ছাত্ৰীয়ে দীৰ্ঘদিন ধৰি খাই আহিছে বৰবিহ । ছমাহ আগৰে পৰা বিদ্যালয়ৰ শ্ৰেণী কোঠাত পৰি থকা চৰকাৰে যোগান ধৰা চাউলৰ বস্তাত ওলাইছে ডাঙৰ ডাঙৰ বিষাক্ত পোক। এই বিষাক্ত পোক থকা তথা গেলা চাউলকে কণ কণ ছাত্ৰ ছাত্ৰীক সুষম আহাৰৰ নামত খুৱাই আহিছে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে।
ইপিনে, উক্ত চাউলৰ বস্তাবোৰ ৰান্ধনী ঘৰ বা স্বাস্থ্যকৰ পৰিৱেশত নৰখাৰো অভিযোগ উঠিছে । পাঠদান কৰা শ্ৰেণী কোঠাতে দীৰ্ঘদিনৰ পৰা ৰাখি থৈছে এই চাউল । পঁচা চাউলৰ দুৰ্গন্ধৰ মাজতে পাঠদান কৰি আহিছে শিক্ষকসকলে । এনেবোৰ অনিয়মেৰে কণ কণ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলা বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষ্যণীয়।
লগতে পঢ়ক:দোকানত বহি ঘোচ খাই থকা অৱস্থাতে গ্ৰেপ্তাৰ সৰ্বশিক্ষাৰ বিষয়াক