ETV Bharat / state

জোনাইত অচিন পোকৰ উপদ্ৰৱত অতিস্থ হৈ কৃষি পথাৰত পশুধন মেলি দিছে কৃষকে - Low rainfall in Assam

জোনাইৰ কেইবাখনো গাঁৱৰ কৃষকৰ ভৰসা স্বৰূপ একমাত্ৰ (Insects attack paddy field in Dhemaji)পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । জিলাখনৰ ৰামধন দিকাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰদণ্ডি অঞ্চলত বৃহৎ কৃষি ভূমিত অচিন পোকে চলাইছে ত্ৰাস ৷ উপায়হীন হৈ ধাননি পথাৰত পশুধন মেলি দিছে কৃষকে ৷

Insects attack paddy field in Dhemaji
জোনাইৰ খেতি পথাৰত পশুধন মেলি দিছে কৃষকে
author img

By

Published : Sep 14, 2022, 10:51 PM IST

জোনাই, ১৪ ছেপ্তেম্বৰ: ধেমাজি জিলাৰ জোনাইত খেৰনিলৈ পৰ্যবসিত হৈছে বৃহৎ অঞ্চলৰ কৃষিভূমি (Insects attack paddy field in Dhemaji) ৷ জিলাখনৰ ৰামধন দিকাৰী গাঁও পঞ্চায়ত অন্তৰ্গত বৰদণ্ডি অঞ্চলত বৃহৎ কৃষি ভূমিত অচিন পোকে চলাইছে ত্ৰাস ৷ যাৰ ফলত হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত ৷ উপায়হীন হৈ ধাননি পথাৰত পশুধন মেলি দিছে কৃষকে ৷ এইক্ষেত্ৰত কৃষকসকলক ধেমাজি জিলা কৃষি বিভাগে কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

বৃহত্তৰ জোনাইৰ কেইবাখনো গাঁৱৰ কৃষকৰ ভৰসাস্বৰূপ একমাত্ৰ পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰা আৰু ক্ষতিগ্ৰস্ত কৃষকৰ কাষলৈ নহাৰো অভিযোগ উত্থাপিত হৈছে (Insect attack in paddy fields) । ভাদ মাহৰ খেতিডৰা পোকৰ উপদ্ৰৱত এতিয়া সেউজীয়া হোৱাৰ বিপৰীতে ৰাঙলী তথা হালধীয়া হৈ পৰিছে ৷ সেয়েহে দুৰ্ভগীয়া খেতিয়কসকলে মূৰত হাত দি বহি থকাৰ বাহিৰে উপায় নোহোৱা হৈছে । ইপিনে,অচিন পোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি জোনাই মহকুমা কৃষি বিভাগক আবেদন-নিবেদন কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী খেতিয়ক ৰাইজে ।

জোনাইৰ খেতি পথাৰত পশুধন মেলি দিছে কৃষকে

উল্লেখ্য যে, জোনাই মহকুমাৰ প্ৰায়সংখ্যক খেতিয়কৰ পথাৰতে দেখা গৈছে এই পোকৰ আতংক । পোকে খাই তহিলং কৰিছে বহু খেতিয়কৰ পথাৰৰ গেৰ ধৰা সেউজীয়া ধাননিডৰা । ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়া আৰু ধাননি পথাৰসমূহ পোকৰ আক্ৰমণৰ পৰা মুক্ত কৰা লগতে ঔষধৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ তথা কৃষি বিভাগক দাবী জনাইছে । এই ক্ষেত্ৰত খেতিয়ক সকলে জোনাই মহকুমা কৃষি বিভাগক পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে । প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট (Low rainfall in Assam), তাৰ পাছত কিছু পৰিমানে বৰষুণ হৈছিল যদিও আন এক অচিন পোকৰ আক্ৰমণত ধান খেতি নষ্ট হোৱাত বিপাঙত পৰিছে জোনাই অঞ্চলৰ খেতিয়ক সকলে । শুৰ পোকতকৈও এইবিধ পোক অতি ভয়ংকৰ বুলি খেতিয়ক সকলে মন্তব্য কৰিছে ।

কিয়নো শুৰ পোকে ধানৰ আগবোৰ খায় যদিও গুৰিৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে । কিন্তু এই বিধ ভয়ংকৰ পোকে ধানৰ আগ নহয়, গুৰিৰ পৰা মাজৰ কুমলীয়া অংশ কুটি পেলোৱাত কঠিয়াৰ গছ সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলায় । এই বিধ অচিন পোকে কঠিয়া গছৰ ভিতৰত থাকি কঠিয়াৰ গছ কাটি পেলায় । ফলত ক্ৰমশঃ বৃদ্ধি হৈছে অচিন পোকৰ আক্ৰমণ ।

লগতে পঢ়ক:DNLT ৰ 36 ঘণ্টীয়া বন্ধত ডিমা হাছাওৰ জনজীৱন স্তব্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.