ETV Bharat / state

উৎকট গৰমত কুঁহিয়াৰ ৰসৰ ব্যাপক চাহিদা

author img

By

Published : Aug 7, 2020, 3:11 AM IST

উৎকট গৰমত কুঁহিয়াৰ ৰসৰ চাহিদা । গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি কুঁহিয়াৰ ৰসৰ আশ্ৰয় বহুজনৰ ।

উৎকট গৰমত কুঁহিয়াৰ ৰসৰ ব্যাপক চাহিদা
উৎকট গৰমত কুঁহিয়াৰ ৰসৰ ব্যাপক চাহিদা

ধেমাজি, 6 আগষ্ট : ধাৰাবাহিক বৰষুণ আৰু বানৰ পিছত এইবাৰ উৎকট গৰমে দহিছে ৰাজ্যবাসীক । বাহিৰলৈ ওলালেই প্ৰখৰ ৰ'দৰ খাওঁ খাওঁ অৱস্থা । সেয়ে উৎকট গৰম পৰা কিছু সকাহ বিচাৰি শীতল পানীয় বিপনীৰ কাষ চাপিছে বহুজনে ।

উৎকট গৰমত কুঁহিয়াৰ ৰস
উৎকট গৰমত কুঁহিয়াৰ ৰস

বানৰ পিছত গৰমৰ উত্তাপে দহিছে ধেমাজিবাসীকো । সেয়ে চহৰখনত দুপৰীয়া প্ৰায়ে সেৰেঙা হৈছে নাগৰিকৰ উপস্থিতি । ইপিনে গৰমৰ সময়ছোৱাত ধেমাজিৰ পদপথৰ কেইবাগৰাকী কুঁহিয়াৰ ৰস ব্যৱসায়ীৰ দিন ভালে অতিবাহিত হোৱা বুলি জানিব পৰা গৈছে । গৰমৰ ফলত সাধাৰণ জনতাই আশ্ৰয় লৈছে কুঁহিয়াৰৰ ৰসৰ ৷ প্ৰখৰ ৰ'দৰ পৰা ক্ষন্তেক শান্তিৰ বাবে কুঁহিয়াৰ ৰস পান কৰি বহুতেই শীতল কৰিহে গৰম দহি যোৱা শৰীৰ ৷

উৎকট গৰমত কুঁহিয়াৰ ৰসৰ ব্যাপক চাহিদা

উল্লেখ্য যে, আজি ৰাজ্যত সৰ্বাধিক উষ্ণতা হয়গৈ 37 ডিগ্ৰী চেলছিয়াছ ৷ গুৱাহাটী মহানগৰীত বিগত 70 বৰ্ষত অভিলেখসংখ্যক 37.6 ডিগ্ৰী চেলছিয়াছ হয়গৈ পাৰাস্তম্ভ ৷

লগতে পঢ়কঃ ৰহা মীন মহাবিদ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.