ETV Bharat / state

Imports of gamucha to Assam: GI টেগ পোৱাৰ পিছতো অসমৰ বজাৰত বাহিৰা গামোচাৰ প্ৰাধান্য - স্বাভিমানৰ গামোচাখন

তাঁতশালত সপোন ৰচা ধেমাজিৰ শিপিনী কুলেন হাতীবৰুৱাৰ দুখ (Dhemaji weaver) । অসমৰ মানুহে বাহিৰা ৰাজ্যত অসমৰ গামোচাৰ আৰ্হিত নিৰ্মিত কম মূল্যৰ গামোচা আদৰি লোৱাৰ বাবে থলুৱা শিপিনীয়ে নাপায় স্বাভিমানৰ গামোচাখনৰ উচিত মূল্য । সবিশেষ আগলৈ-

imports of gamucha to assam
অসমৰ বজাৰত বাহিৰা গামোচাৰ প্ৰাধান্য
author img

By

Published : Mar 3, 2023, 10:47 PM IST

অসমৰ বজাৰত বাহিৰা গামোচাৰ প্ৰাধান্য

ধেমাজি, ৩ মাৰ্চ : ধেমাজিৰ চৌখাম গাৱঁৰ পুৰুষ শিপিনী কুলেন বৰুৱাই তাতঁশালৰ জৰিয়তে আৰম্ভ কৰিছে থলুৱা বয়ন শিল্পৰ উদ্যোগ । তেওঁ জানিবলৈ দিয়া মতে, আনুষ্ঠানিক শিক্ষা সাং কৰাৰ পিছতে সৰুৰে পৰা তাঁতশালৰ প্ৰতি থকা আগ্ৰহৰ বাবেই নিজেই ঘৰতেই এটা সময়ত যুৱকজনে আৰম্ভ কৰিলে মাটি শালৰ এখন তাঁতশাল । ইয়াৰ পিছত অত্যন্ত কষ্ট কৰি তেওঁ উন্নতমানৰ শাল ক্ৰয় কৰি বৰ্তমান ৬/৭ খন তাঁত শালৰ ব্যৱস্থা নিজৰ ঘৰতে কৰি দিনে নিশায়ে চাদৰ মেখেলা গামোচা প্ৰস্তুত কৰে ৷

2003 চনতে তেওঁ ঘৰতে স্থাপন কৰিছিল মৌচুমী বস্ত্ৰ উদ্যোগ নামৰ ক্ষুদ্ৰ থলুৱা বস্ত্ৰ উদ্যোগটো ৷ সহধৰ্মিনীৰ সহযোগত তেওঁ এই বস্ত্ৰ উদ্যোগটো সুন্দৰকৈ আগবঢ়াই নিছে ৷ স্বতাধিকাৰীকে ধৰি বৰ্তমান ছয়গৰাকী মহিলা শিপিনীৰ সৈতে মুঠ 7 গৰাকীয়ে ইয়াত কাপোৰ প্ৰস্তুত কৰে ৷

তেওঁৰ উদ্যোগত ভমকা ফুলীয়া জাত জাত ফুলৰ গামোচাৰ লগতে বিভিন্ন ধৰণৰ চাদৰ-মেখেলাও প্ৰস্তুত কৰা হয় ৷ কুলেন হাতীবৰুৱাৰ উদ্যোগত উৎপাদিত বস্ত্ৰসমূহ বিভিন্ন কাপোৰৰ ব্যৱসায়ীয়ে ঘৰৰ পৰাই নিয়েহি ৷ তেওঁ কেতিয়াও কাপোৰৰ ব্যৱসায় কৰিবলৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লগা হোৱা নাই বুলি জানিবলৈ দিছে ৷

চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সহযোগিতাৰ অবিহনেই আজিৰ তাৰিখত এই উদ্যোগটোৰ পৰা উপাৰ্জন কৰা টকাৰে নিজৰ পৰিয়ালৰ লগতে আন ছগৰাকী শিপিনীৰ পৰিয়ালো পোহপাল দিয়াত সক্ষম হৈছে তেওঁ ৷ তেওঁ ২০১৮ চনত ধেমাজিৰ বয়ন শিল্পৰ পাকৈত প্ৰতিভাসম্পন্ন শিপিনীৰ বাবে ধেমাজি জিলা হস্ত তাঁত আৰু বস্ত্ৰ শিল্প বিভাগ আৰু জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত জিলাভিত্তিক বস্ত্ৰমেলাত এখন প্ৰশংসা পত্ৰৰে সন্মান যঁচা হয় ৷

কুলেন হাতীবৰুৱাই উদ্বেগেৰে কয় যে, শেহতীয়াকৈ অসমৰ গামোচাখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা GI টেগৰ দৰে বিৰল স্বীকৃতি পোৱাৰ পিছতো অসমৰ থলুৱা শিপিনী সকল সমাদৃত গামোচাখনৰ উচিত মূল্য লাভৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে (Assamese gamucha gets GI tag) ৷ দুখ প্ৰকাশ কৰি তেওঁ কয় যে চৰকাৰৰ চকুৰ সন্মুখতেই বাহিৰৰ পৰা বৃহৎ কলঘৰত প্ৰস্তুত কৰা নিম্লমানদণ্ডৰ ভমকা ফুলীয়া গামোচাখনকে কম দামত সকলোৱে ব্যৱহাৰ কৰি আছে ৷

সভা সমিতিত একাংশ অসমীয়াই ডিঙি শুৱনি কৰিছে ডাঙৰ সূতা আৰু ডাঙৰ ফুলেৰে মেচিনত প্ৰস্তুত কৰা নিম্ল মানদণ্ড নকল গামোচাখনেৰে (Imports of gamucha to Assam) ৷ যাৰ ফলত অসমৰ শিপিনীৰ তাঁতশালৰ গামোচাখন ক্ৰমান্বয়ে এলাগী কৰাত অৰিহণা যোগাই আহিছে বহিৰাগত গামোচাই । সেয়ে কুলেন হাতীবৰুৱাই অসমৰ স্বাভিমানৰ প্ৰতীক থলুৱা শিপিনীয়ে তাঁত শালত প্ৰস্তুত কৰা গামোচাখন উচিত মূল্যত সকলোকে লবলৈ আহ্বান জনাইছে । লগতে এইক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগ, সচেতনমহল, দল সংগঠনৰ দায়িত্ব আছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক : Flood effected area of Rangia: ৰঙিয়াৰ বানে গৰকা অঞ্চল পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.