ETV Bharat / state

জোনাইত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ - জোনাইত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ

ধেমাজি জিলাৰ জোনাই মহকুমাত আৱকাৰী বিভাগ আৰু ধেমাজি আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ আবকাৰী দলটোৱে জোনাইৰ তেলাম, জামজিং, লাইমেকুৰী, বৈকুণ্ঠপুৰ, গালী, নেপালী বস্তি আদি বিভিন্ন ঠাইত অভিযান চলাই প্ৰায় ৭৫ কাৰ্টুন অবৈধ অৰুনাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে অনাগত দিনবোৰত আৰু এনেদৰে অভিযান চলিব বুলি জানিবলৈ দিয়ে ৷

ILLEGAL WINE RECOVERD IN DEMAJI JONAI
জোনাইত বৃহৎ পৰিমাণৰ অবৈধ অৰুনাচলী সুৰা জব্দ
author img

By

Published : Jul 21, 2020, 7:30 PM IST

জোনাই, 21 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে মঙলবাৰে ধেমাজি জিলাৰ জোনাই মহকুমাত আৱকাৰী বিভাগ আৰু ধেমাজি আৰক্ষীৰ সহযোগত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ আবকাৰী দলটোৱে জোনাইৰ তেলাম, জামজিং, লাইমেকুৰী, বৈকুণ্ঠপুৰ, গালী, নেপালী বস্তি আদি বিভিন্ন ঠাইত অভিযান চলাই প্ৰায় ৭৫ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

জোনাইত বৃহৎ পৰিমাণৰ অবৈধ অৰুনাচলী সুৰা জব্দ

জানিব পৰা মতে, ধেমাজি জিলা আৱকৰী অধীক্ষক সুখচন্দ্ৰ গোস্বামী, পৰিদৰ্শক দ্বীপজ্যোতি দিহিঙ্গীয়া, উপ পৰিদৰ্শক জনন্দ্ৰৰ গোস্বামী নেতৃত্বত জোনাইৰ বিভিন্ন অঞ্চলত অবৈধ অৰুণাচলী বিদেশী সুৰা বিক্ৰী কৰাৰ খবৰ পোৱাৰ পিচতে ধেমাজি জিলা আবকৰী আৰু ধেমাজিৰ পৰা অহা আৰক্ষীৰ দলটোৱে বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ কিন্তু দুৰ্ভাগ্যজনকভাবে দলটোৱে এজনো অবৈধ সুৰা বিক্ৰেতাক আটক কৰিবলৈ সক্ষম নহ'ল ৷

উল্লেখ্য যে, জোনাই মহকুমাত এনেদৰে অৰুনাচলী সুৰা বিক্ৰী দীৰ্ঘদিনৰ পৰা অব্যাহত আছে যাৰ ফলত চৰকাৰে বহু ৰাজহ হেৰুৱাব লগা হোৱা বুলি জানিবলৈ দিয়াৰ লগতে অনাগত দিনবোৰত আৰু এনেদৰে অভিযান চলিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : বিশ্বনাথত দহটা অঞ্চলক কন্টেইনমেন্ট জ'নৰ পৰা প্ৰত্যাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.