ETV Bharat / state

Illegal sand mining: চিমেনৰ বুকু বিদাৰি মাফিয়াই চলাইছে শিল বালিৰ অবৈধ বেহা; নিৰুদ্বেগ বনবিভাগ !

author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 7:48 AM IST

কাৰ ছত্ৰছাঁয়াত চিমেন নদীত চলিছে শিল বালিৰ অবৈধ খনন ! AJYCP আৰু আছু কৰ্মীৰ তৎপৰতাত তিনিখন অবৈধভাৱে বালি কঢ়িওৱা ডাম্পাৰ জব্দ ৷

Sand Syndicate in Jonai
বন বিভাগে কৰিব নোৱাৰা কাম দুই ছাত্ৰ সংগঠনে কৰি দেখুৱালে

জোনাই, 31 আগষ্ট: অবাধ গতিত চিমেন নৈৰ বুকুত চলিছে শিল আৰু বালিৰ খনন ৷ দিনে নিশাই ডাম্পাৰে ডাম্পাৰে শিল আৰু বালি আহৰণ কৰা হৈছে নৈখনৰ বুকুৰ পৰা ৷ শিল বালিৰ মাফিয়াক যেন বাধা দিবলৈ নাই কোনো ৷ বন বিভাগৰ নিষ্ক্ৰীয়তাক লৈ সন্দেহ সৃষ্টি হৈছে স্থানীয় তথা সচেতন মহলৰ মনত ৷ বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে চিমেন নদীত চলিছে নেকি বালিৰ অবৈধ খনন কাৰ্য ৷

বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম ছাত্র সন্থাৰ চিমেন চাপৰি আঞ্চলিক সমিতিৰ তৎপৰতাত বন বিভাগে জব্দ কৰিলে তিনিখনকৈ বালি ভৰ্তি ডাম্পাৰ । উল্লেখ্য যে, চিমেন চাপৰিৰ হচং অঞ্চলৰ ৰে'লৱে দলঙৰ সমীপৰে চেৰেণ নদী পাৰ হৈ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ অংশত চিমেন নদীৰ পৰা অবৈধভাৱে বালি সৰবৰাহ কৰি থকা অৱস্থাত জব্দ কৰে তিনি বালি ভৰ্তি ডাম্পাৰ ৷

জব্দকৃত ডাম্পাৰ কেইখনৰ নম্বৰ হৈছে AS 22 C 9056, AS 22 C 8827 আৰু AS 22 C 8480 ৷ জব্দ কৰা ডাম্পাৰ বৰ্তমান চিমেন চাপৰি আৰক্ষী থানাত ৰখা হৈছে ।

উল্লেখ্য যে, চেৰেণ নৈৰ ওপৰত থকা ৰে'লৱে দলঙৰ তলেদি দীৰ্ঘদিনৰ পৰা বালি মাফিয়াই অবৈধভাৱে পথ নিৰ্মাণ কৰি চলাই গৈছে শিল বালিৰ চোৰাং বেহা । যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে ভুগিব লগীয়া হৈছে যমৰ যাতনা । ৰাইজে বাৰে বাৰে বিভাগীয় কৰ্তৃপক্ষক পথটো বন্ধ কৰিবলৈ দাবী জনাই আহিছিল ৷ কিন্তু প্ৰশাসনে গুৰুত্ব নিদিয়াত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চিমেন চাপৰি আঞ্চলিক সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । কাৰণ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশত চিমেন নদীৰ বক্ষত শিল বালি অবাধ গতিত খননৰ ফলত নদীখনৰ নামনি অংশ চিমেন চাপৰিলৈ নদীৰ গতিপথ লোৱাৰ আশংকাত ভুগিছে ৰাইজ ৷

দুই ছাত্ৰ সংগঠনৰ অভিযোগ যে দীৰ্ঘদিনে চিমেন নদীৰ বুকুত চলি আছে অবৈধ শিল বালি খনন ৷ শিল বালি খননৰ ফলত সংকত নামিছে হচং অঞ্চলৰ ৰে'লৱে দলঙলৈ ৷ এনে দৰে খনন চলি থাকিলে বৃহৎ অঘটন হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি স্থানীয় মহলে প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক:Zubeen Controversy: জুবিন গাৰ্গ শিষ্টাচাৰ নজনা শিল্পী; অজাপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.