ধেমাজি ,23 এপ্ৰিল: লক ডাউনৰ মজতে বুধবাৰে ধেমাজি জিলা প্ৰশাসনে মাছখোৱা আৰক্ষী চকীৰ অন্তৰ্গত জোৰকটা বেঙ্গলী গাঁৱত দুটাকৈ ইটা ভাটা বন্ধ কৰি দিয়ে । এক গোপন সূত্ৰ পম খেদি ধেমাজি আৰক্ষী আৰু মাছখোৱা আৰক্ষীৰ সহযোগত জিলা প্ৰশাসনৰ হৈ যোৱা অতিৰিক্ত উপায়ুক্ত যুগল ৰাজবংশীয়ে এই অবৈধ ভাটা কেইটা বন্ধ কৰে ।
উল্লেখ্য যে,কোনো যাৱতীয় অনুজ্ঞাপত্ৰ নোহোৱাকৈয়ে অতি ভিতৰুৱা কৃষি ভূমিত স্থাপন কৰিছিল এইভাটাসমূহ । ইতিমধ্যে অবৈধ ইটাভাটাৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে ।
লগতে পঢ়কঃ ৰাজ্যসমূহক প্ৰতিদিনে ২.৬ লাখ ভোজনৰ টোপোলা প্ৰদান কৰিব ভাৰতীয় ৰেলে