ETV Bharat / state

জোনাইত মথাউৰি নির্মাণৰ নামত ব্যাপক অনিয়ম

author img

By

Published : Sep 17, 2022, 1:43 PM IST

জোনাইত জলসম্পদ বিভাগৰ কোটি টকীয়া আঁচনিৰ নিৰ্মীয়মান মথাউৰি খহি যোৱাৰ উপক্ৰম । এজাক বৰষুণতে খহি গৈছে বালিৰে নিৰ্মিত প্ৰায় ৪.৫ কোটি টকীয়া মথাউৰি ৷ চিয়াং নৈৰ পাৰত ৩ কিলোমিটাৰ দৈৰ্ঘৰ মথাউৰি নির্মাণৰ নামত সংঘটিত ব্যাপক অনিয়মে অঞ্চলবাসীক ক্ষোভিত কৰি তুলিছে (Huge scam in embankment construction in Jonai)।

Huge scam in dam construction in Jonai
জোনাইত মথাউৰি নির্মাণৰ নামত ব্যাপক অনিয়ম

জোনাই, ১৭ ছেপ্টেম্বৰ: চিয়াং নৈৰ মথাউৰি নিৰ্মাণৰ নামত সংঘটিত হৈছে বিয়াগোম কেলেংকাৰী(Huge scam in dam construction) ৷ জোনাইত জলসম্পদ বিভাগৰ দ্বাৰা আৱন্টিত প্ৰায় ৪.৫ কোটি টকীয়া নিৰ্মীয়মান মথাউৰি এজাক বৰষুণতে চপৰা-চপৰে জহি-খহি যোৱা পৰিলক্ষিত হৈছে ।

প্ৰতি বছৰে বানে বিধ্বস্ত কৰা জোনাইৰ বেৰাচাপৰি অঞ্চলক চিয়াং নৈৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে ৪.৫ কোটি টকা ব্যয়েৰে চলিত বৰ্ষৰপৰা বেৰা চাপৰিৰ বেৰা মাজগাওঁৰ পৰা শান্তিপুৰলৈ প্ৰায় ৩ কিলোমিটাৰ দৈৰ্ঘৰ এটা মথাউৰি নিৰ্মাণৰ কাম আৰম্ভ কৰে । কিন্তু মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত ঠিকাদাৰ, বিভাগীয় অভিযন্তা, বিষয়াৰ গোপন বুজাবুজিত মাটি ব্যৱহাৰ কৰাৰ বিপৰীতে মাথো বালিৰে নিৰ্মাণ কৰাত মথাউৰিটো সাধাৰণ বৰষুণতে চপৰা-চপৰে খহি যোৱা পৰিলক্ষিত হৈছে ৷

লুণ্ঠনৰ মনোভাৱেৰে এনেদৰে সম্পূৰ্ণ বালি ব্যৱহাৰ কৰি মথাউৰি নিৰ্মাণক লৈ এতিয়া গৰজি উঠিছে জোনাইৰ বিভিন্ন দল-সংগঠন ৷ মথাউৰি নিৰ্মাণৰ নামত বিভাগীয়ভাৱে সংঘটিত হোৱা কেলেংকাৰীৰ বাতৰি সংবাদ মাধ্যমযোগে বিভিন্ন সময়ত প্ৰচাৰ হৈ আহিছে যদিও কেৱল মাত্ৰ কমিচনৰ অংকত বিভাগীয় কৰ্তৃপক্ষই নীৰৱ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱ ভূমিকাৰ বিৰুদ্ধে জোনাইৰ বিভিন্ন দল সংগঠন তথা স্থানীয় ৰাইজ সৰৱ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: জলবায়ু পৰিবৰ্তনৰ নেতিবাচক প্ৰভাৱ: শীৰ্ষত আছে কৰিমগঞ্জ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.