ETV Bharat / state

অসম-অৰুণাচল সীমান্তত পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনা

অসম-অৰুণাচল সীমান্তত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি বিগত তিনিমাহে উত্তেজনা অব্যাহত আছে ৷ ৰাইজে জিলা সংশ্লিষ্ট আৰক্ষী বিভাগক বিষয়টো অৱগত কৰা হৈছে যদিও সমস্যা সমাধান নকৰাৰ অভিযোগ ৷

author img

By

Published : Jan 25, 2021, 10:41 PM IST

hot-situtation-in-dhemaji-assam-arunachal-border
অসম-অৰুণাচল সীমান্তত পথ নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনা

ধেমাজি, 25 জানুৱাৰী : ধেমাজি জিলাৰ অসম-অৰুণাচল সীমান্তত এটা পথ নিৰ্মাণক কেন্দ্ৰ কৰি বিগত তিনিমাহে উত্তেজনা অব্যাহত আছে ৷ স্থানীয় লাইপুলীয়াবাসীৰ অভিযোগ মতে, সীমান্ত অঞ্চলত নিৰ্মীয়মাণ হৈ থকা এটা পথটো লাইপুলীয়াবাসী ৰাইজৰ অসুবিধা হোৱাকৈ তেওঁলোকৰ ঘৰ-বাৰীৰ সমীপতে নিৰ্মাণ সংস্থাই কৌশলেৰে পথ নিৰ্মাণ কৰিছে ৷

নিৰ্মীয়মান অৱস্থাত থকা পথটি

যাৰফলত সীমান্তৱৰ্তী জনসাধাৰণে বিভিন্ন কামকাজত তেওঁলোকে সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা কৰিছে ৷ সেয়ে পথটো গাঁওখনৰ নিচেই সমীপত নিৰ্মাণ নকৰি পাহাৰৰ সমীপত নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছে যদিও নিৰ্মাণ সংস্থাই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷ যাৰবাবে ক্ষুব্ধ হৈ পৰিছে স্থানীয় মহিলা সহ লাইপুলীয়াবাসী ৷

স্থানীয় ৰাইজে জিলা সংশ্লিষ্ট আৰক্ষী বিভাগক বিষয়টো অৱগত কৰা হৈছে যদিও সমস্যা সমাধান হোৱা নাই ৷ গতিকে, নিৰ্মাণস্থলীত উপস্থিত হৈ স্থানীয় মহিলাসকলে পথ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰজনক ঘেৰাও কৰি বাক বিতণ্ডাত লিপ্ত হোৱা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : নিজ ৰাজ্য়ত চূড়ান্ত অপমানৰ পাচত প্ৰতিক্ৰিয়া প্ৰকাশ মমতাৰ

আনহাতে, ঠিকাদাৰৰ ভাষ্য মতে, 30 কি:মি দৈৰ্ঘৰ পথটো বিগত তিনিটা মাহেই স্থানীয় লোকৰ অভিযোগৰ বাবে নিৰ্মাণ কাৰ্য স্থগিত কৰি ৰাখিছিল ৷ সেয়ে বিষয়টো প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হ'বলৈ স্থানীয় লোকক আহ্বান জনাইছে ৷

উল্লেখ্য যে, অঞ্চলটোত ইয়াৰ পূৰ্বেও সীমান্তৱৰ্তী অসম আৰু অৰুণাচলৰ মাজত সীমা কেন্দ্ৰিক বিবাদৰ ফলত জিলা প্ৰশাসনে নিৰাপত্তাৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছিল ৷ সেয়ে পুনৰ এই ঘটনাক লৈ চিন্তিত হৈ পৰিছে সীমান্তৱৰ্তী লাইপুলীয়াবাসী ৷

লগতে পঢ়ক : লভ জেহাদ : উত্তৰ প্ৰদেশ চৰকাৰৰ আবেদন অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.