জোনাই, 28মে’ : সমগ্ৰ ৰাজ্যত কৰ’ণা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ ব্যতিক্ৰম নহয় ধেমাজি জিলাৰ জোনাই অঞ্চলো ৷ এনে সময়তে বৃহস্পতিবাৰে দিল্লীৰ ‘গুন্জ’ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগত নৰ্থ ষ্টাৰ ক্লাৱ জোনাইৰ উদ্যোগত ক’ভিড কেন্দ্ৰত আৱশ্যকীয় সামগ্ৰীসমূহ যোগান ধৰা হয় ৷
বৃহস্পতিবাৰে জোনাইৰ ত্ৰিশ খন বিছনাযুক্ত অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেন্দ্ৰৰ বাবে পিপিই কিট, মাস্ক আৰু ফেচ চিল্ডৰ যোগান ধৰে ৷ এই চিকিৎসা সামগ্ৰীসমূহ জোনাই অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাক্তৰ জি. লাগাছুৰ হাতত অৰ্পণ কৰে স্বেচ্ছাসেৱী সংস্থাটোৱে ৷
উক্ত কাৰ্যসূচীত উপস্থিত আছিল নৰ্থ ষ্টাৰ ক্লাৱৰ সভাপতি নৱ দেউৰী, সম্পাদক প্ৰমোদ পাৱ আৰু অজয় ব্ৰহ্ম ৷ স্বেচ্ছাসেৱী সংস্থাটোৰ এনে পদক্ষেপক প্ৰসংশা কৰিছে সচেতন মহলে ৷
লগতে পঢ়ক : গুৱাহাটীত ক’ভিড-19ত ষাঠিৰ ঊৰ্দ্ধৰ লোকৰ মৃত্যু সৰ্বাধিক