ধেমাজি, 24 নৱেম্বৰঃ যি সময়ত দেশত সংস্থাপনৰ অভাৱত নিবনুৱা মাজত হাহাঁকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তেনে সময়ত অসম অৰুণাচল সীমান্তৰ নিলখ তৰানি পথাৰৰ 40 বিঘা আবাদী ভূমিত পাচলি খেতিৰে সেউজ বিপ্লৱৰ সূচনা কৰিছে ৷ ইতিমধ্যে বজাৰলৈ উলিয়াই দিছে ৬০ টকাৰ মূল্যৰ ৰঙালাও ৷ ধেমাজি জিলাৰ উপৰিও। সুদুৰ চৰাই দেউলৈও বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে উন্নতমানৰ ৰঙালাউ ৷ ৰঙালাুউৰ উপৰিও মিঠা আলু,বিন জাতীয় পাচলি,ষ্ট্ৰবেৰী,ডাংপতি আদি খেতি কৰিছে কৃষকজনে ৷
উল্লেখ্য যে পথাৰ দিৱস উপলক্ষে সোমবাৰে ধেমাজি জিলাৰ উপায়ুক্তই অঞ্চলটোৰ উদ্যমী কৃষকগৰাকীৰ খেতি পৰিদৰ্শন কৰি উচ্চ প্ৰশংসা কৰে ৷ ইপিনে ধেমাজি জিলা কৃষি বিভাগৰ পৰা বিশেষ ভাৱে সঁহাৰি লাভ কৰা নাই যদিও চিলাপথাৰ কৃষি বিকাশ কেন্দ্ৰৰ পৰা কিছু উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰে কৃষকগৰাকীয়ে ৷
লগতে চাওকঃ শোকস্তব্ধ ডলী গগৈলৈ পত্ৰ প্ৰেৰণ মনমোহন সিঙৰ