ETV Bharat / state

Goru Bihu celebration : ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি ৰাজ্যত গৰু বিহু পালন

author img

By

Published : Apr 14, 2023, 11:54 AM IST

অসমীয়া চহা জীৱনৰ অন্যতম উৎসৱ গৰু বিহু ৷ জোনাই আৰু লখিমপুৰৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগতভাৱে গৰু গা-ধূৱাই গৰু বিহু পালন কৰে স্থানীয় ৰাইজে (Traditionally Goru Bihu celebrated in Assam) ৷

Bihu celebration in Assam
ৰাজ্যত গৰু বিহু পালন
ৰাজ্যত গৰু বিহু পালন

জোনাই, 14 এপ্ৰিল : চাঁওতে চাঁওতে পালেহি অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহু ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত উলহ-মালহেৰে আজি পালন কৰা হয় গৰু বিহু ৷ লখিমপুৰ নগৰৰ সমীপৰ ৰঙানৈৰ বালিচৰত শুকুৰবাৰে পুৱা উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় । লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু ৰঙানদীপৰীয়া দহখন গাঁৱৰ ৰাইজৰ সহযোগত ৰঙা নৈৰ বালিচৰত আয়োজন কৰা গৰু বিহু উদযাপন উপলক্ষে সৃষ্টি হয় আনন্দমুখৰ পৰিৱেশৰ (Goru bihu celebration in Lakhimpur)।

এইবাৰ লখিমপুৰ কেন্দ্রীয় ৰঙালী বিহু সন্মিলনে আয়োজন কৰিছে ৬৫ সংখ্যক ৰঙালী বিহু সন্মিলনৰ । লখিমপুৰ নগৰৰ খেলপথাৰ বাকৰিত চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা ৬৫ সংখ্যক ৰঙালী বিহু সন্মিলনৰ শুকুৰবাৰে গৰু বিহু উদযাপনৰ প্ৰথমটো কাৰ্যসূচী নগৰৰ সমীপৰ ৰঙানৈৰ বালিচৰত সম্পন্ন কৰে । পাচ নৈ আৰু সমীপৱৰ্তী বহুকেইখন গাঁৱৰ ৰাইজৰ সহযোগত ৰং আনন্দৰ মাজত পৰম্পৰাগত ৰীতি-নীতিৰে গৰুক নোৱাই-ধুৱাই বিহু উদযাপন কৰে (Rangali Bihu 2023) ।

Bihu celebration in Assam
লখিমপুৰৰ গৰু বিহু পালনৰ দৃশ্য

উল্লেখ্য যে, আজি গৰু বিহুৰে আৰম্ভ হোৱা কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ পৰৱৰ্তী সূচী অহা এক এপ্রিলৰ পৰা তিনিদিনৰ বাবে অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, সাংস্কৃতিক কাৰ্যসূচী, শোভাযাত্রা, মুকলি সভা আদি বিভিন্ন কাৰ্যসূচীৰে এই সন্মিলনৰ সামৰণি পৰিব বুলি উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে (Bihu celebration in Assam) ।

লখিমপুৰৰ লগতে ধেমাজি জিলাৰ জোনাইতো পুৱাৰে পৰা দেখা গৈছে গৰু বিহুৰ ব্যাপক উৎসাহ-উদ্দীপনা ৷ জোনাইৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ভাৱে গৰু গা-ধুৱাই গৰু বিহু পালন কৰিলে গঞা ৰাইজে ৷ জোনাইৰ বলাইপাম গাঁৱতো দেখা গৈছে গৰু বিহুৰ ব্যাপক উচাহ ৷ গাঁৱৰ কণ-কণ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-জ্যেষ্ঠ সকলোৱে নদীলৈ পুৱাই ওলাই আহি গৰু নোৱাই-ধুৱাই সাতামপুৰুষীয়া ৰীতি-নীতি পালন কৰি দীঘলতি, মাখিয়তি পাতেৰে গৰুৰ গাত কোবাই, লাও, বেঙেনা, থেকেৰা গৰুৰ গালৈ দলিয়াই গৰুৰ দীৰ্ঘায়ু আৰু নশক্তি কামনা কৰে গাঁৱৰ ৰাইজে (Traditionally Goru Bihu celebrated in Assam) ।

লগতে পঢ়ক : PM Modi to Guwahati : দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে আজি গুৱাহাটীত প্ৰধানমন্ত্রী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.