ETV Bharat / state

জোনাইত গোৰ্খাৰ গৰ্জন: বিজেপিক বৰ্জনৰ হুংকাৰ

author img

By

Published : Feb 26, 2021, 8:04 AM IST

জোনাইত গোৰ্খা গৰ্জন ৷ অসমৰ গোৰ্খা সকলৰ নানা সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ গোৰ্খা সকলৰ ৷ গোৰ্খাসকলৰ সমস্যা সমাধানৰ ব্যৱস্থা নকৰিলে নিৰ্বাচনত অসমৰ 25 লাখ গোৰ্খাই প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি হুংকাৰ গোর্খা ছাত্র সন্থাৰ ৷ আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

gorkha people of jonai to boycott bjp
gorkha people of jonai to boycott bjp

জোনাই, 26 ফেব্ৰুৱাৰী: অসম তথা অসমৰ বিভিন্ন জনগোষ্ঠীৰ লগতে গোর্খা জনগোষ্ঠীৰ বিভিন্ন সমস্যাৰ সমাধানৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন অসম চৰকাৰে গোর্খা সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে জোনাইত গোৰ্খা সকলে গোৰ্খা গৰ্জন শীৰ্ষক এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷

সদৌ অসম গোর্খা ছাত্ৰ সন্থা, ধেমাজি জিলা সমিতিৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোৰ্খাসকলে তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে, গোৰ্খাসকলক জনজাতিকৰণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে গোৰ্খা সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠন আৰু ডি ভোটাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি চৰকাৰে কোনো সদিচ্ছা প্ৰকাশ কৰা নাই ৷

gorkha people of jonai to boycott bjp
আগন্তুক অসম বিধানসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ

প্ৰতিবাদকাৰী সকলে কয় যে, চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ সদিচ্ছা প্ৰত্যক্ষ নকৰাৰ পৰিপ্ৰেক্ষিতত গোৰ্খাসকলে তেওঁলোকৰ অধিকাৰ আৰু নায্য প্ৰপ্তিৰ দাবীত এই গোৰ্খা গৰ্জন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হয় ৷

এই গোৰ্খা গৰ্জন কাৰ্যসূচীত উপস্থিত থাকি সদৌ ধেমাজি জিলা গোর্খা ছাত্র সন্থা সভাপতি চমৰাজ পুৰিয়ে কয় যে, "যোৱা 2016 চনত অসম চৰকাৰে বিভিন্ন জাতি জনজাতিৰ মাজত পৰিবৰ্তনৰ শ্ল'গান দি শাসনভাৰ লৈছিল ৷ গোৰ্খা জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সমূহো চৰকাৰে পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু চৰকাৰে এই সকলো প্ৰতিশ্ৰুতি পালন কৰা নাই ৷ যদিহে চৰকাৰে গোৰ্খা সকলৰ দাবী আৰু সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা নলয়, তেন্তে আগন্তুক অসম বিধানসভা নিৰ্বাচনত অসমত বসবাস কৰা 25 লাখ গোৰ্খা ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু ৷

উল্লেখ্য যে, বৃহস্পতিবাৰে সাব্যস্ত কৰা প্ৰতিবাদ স্থলীৰ পৰা গোৰ্খা ছাত্ৰ সন্ধাৰ সভাপতি অৰ্জুন ছেত্ৰী আৰু সম্পাদক নুমল ছেত্ৰীৰ স্বাক্ষৰেৰে গোৰ্খা সকলৰ 12 টা বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ জোনাই মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: অৰুণাচলত অসমীয়া যুৱকক শাৰিৰীক নিৰ্যাতন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.