ETV Bharat / state

AJYCP General Conference: জোনাইত AJYCPৰ জিলা সমিতিৰ দ্বিবার্ষিক অধিৱেশন - জোনাইত আৰম্ভ হৈছে AJYCPৰ জিলা সমিতিৰ দ্বিবাৰ্ষিক অধিৱেশন

দুদিনীয়া কাৰ্যসূচীৰে জোনাইত আৰম্ভ হৈছে AJYCPৰ জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন (AJYCP general session at Jonai)। প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে পুৱাই পতাকা উত্তোলন কৰা হয় । অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । সংগঠনটোৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল উপস্থিত অধিৱেশনত ।

AJYCP
জোনাইত AJYCPৰ জিলা সমিতিৰ দ্বিবার্ষিক অধিৱেশন
author img

By

Published : Jul 16, 2022, 2:25 PM IST

জোনাই,১৬ জুলাই : অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিৰ বিংশতম জোনাই দ্বিবার্ষিক সাধাৰণ অধিৱেশন আৰম্ভ হয় (General conference of Jonai AJYCP begins)। শনিবাৰৰ পৰা জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত জোনাই গান্ধী ময়দান খেলপথাৰত এই অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় (AJYCP general session at Jonai)৷ অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা সমূহীয়া চাফাই অভিযান আৰু বৃক্ষৰোপন কৰা হয় । এই কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাহিত্য সম্পাদক আৰ্ল্ড টায়ে ।

ইয়াৰ পাছতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই পতাকা উত্তোলন কৰে । শ্বহীদ তৰ্পন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সম্পাদক বিষ্ণু শৰ্মাই ৷ ইয়াৰ পাছত সতীৰ্থ স্মৰণ কাৰ্যসূচী আঁত ধৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ দাসে ।

মূল তোৰণ উন্মোচন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰতাপ চন্দ্ৰ পাৱই আৰু অভ্যৰ্থনা সমিতিৰ মুখ্য উপদেষ্টা সুখলতা ফুকন গগৈয়ে মঞ্চ উদ্বোধন কৰে । অধিৱেশনৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ৷ ইয়াৰ পিছতে প্ৰতিনিধিৰ নাম পঞ্জীয়ন, প্ৰতিনিধি সভা অনুষ্ঠিত হয় ।

এই সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই উপস্থিত থাকে । ইফালে সন্ধিয়া মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক কুমাৰ দলেই স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বুলি জানিব পৰা গৈছে ৷ ধেমাজি জিলাৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী ব্যক্তিকো সম্বৰ্ধনা জনোৱা হ'ব ।

লগতে পঢ়ক :World Youth Skill Day: নৱম শ্ৰেণীৰ পৰা দক্ষতা বিকাশৰ শিক্ষা প্ৰদানৰ পোষকতা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.