ETV Bharat / state

স্বচ্ছতাই ঢুকি পোৱা নাই ঐতিহাসিক বগীবিল দলঙক - বগীবিল

বগীবিল দলঙক ঢুকি পোৱা নাই স্বচ্ছ ভাৰতৰ শ্ল'গানে ৷ যেনিয়েই চকু ফুৰাই তাতেই দেখিব ছিপচ্​ৰ পেকেট,কাগজৰ টুকুৰা,পানীৰ বটল তথা ভিন্ন আৱৰ্জনা ৷

garbage-on-bogibeel-bridge
স্বচ্ছতাই ঢুকি পোৱা নাই ঐতিহাসিক বগীবিল দলঙক
author img

By

Published : Dec 25, 2019, 1:30 PM IST

ধেমাজি,২৫ :ডিচেম্বৰঃ ২০১৮ ৰ ২৫ ডিচেম্বৰ দিনটোতে মুকলি কৰা হৈছিল ঐতিহাসিক বগীবিল দলং ৷ এবছৰ পূৰ্ণ কৰিলে দলংখনে ৷ কিন্তু এবছৰৰ পাচত এনে লাগে যেন দলংখনক ঢুকি পোৱা নাই স্বচ্ছ ভাৰতৰ শ্ল'গানে ৷ বৰ্তমান সম্পূৰ্ণ অপৰিস্কাৰ হৈ পৰিছে দলংখন ৷ যেনিয়েই চকু ফুৰাই তাতেই দেখিব ছিপচ্​ৰ পেকেট,কাগজৰ টুকুৰা,পানীৰ বটল তথা ভিন্ন আৱৰ্জনা ৷ দলঙৰ দুয়োকাষে থকা ছিদ্ৰসমূহো আৱৰ্জনাৰ ফলত মাৰ যাও যাও অৱস্থা ৷

বগীবিল দলঙক ঢুকি পোৱা নাই স্বচ্ছ ভাৰতৰ শ্ল'গানে

মন কৰিবলগীয়া যে স্বচ্ছতাৰ নামত ঝাৰু লৈ কেৱল চ'ছিয়েল মেডিয়াত ফটোৰে উপচাই দিয়া পিছত যেন পিছলৈ ঘূৰি চাবলৈ সময় নহয় কোনো জন লোকৰে। বিভিন্নজনে আকৌ চৰম দায়িত্বহীনতাৰ পৰিচয়েৰে দলঙৰ ওপৰতে দলিয়াই থৈ যায় এই আৱৰ্জনাবোৰ ৷ সেইদৰে স্বচ্ছতাৰ নামত চৰকাৰী সংশ্লিষ্ট বিভাগটোৱে কোটি কোটি টকা খৰচ কৰি অহাৰ সত্বেও ঐতিহাসিক দলংখনৰ ওপৰত পৰা নাই সু দৃষ্টি ।

লগতে পঢ়কঃ জনসমুদ্ৰত পৰিণত হ'ল চৌকিদিঙী খেলপথাৰঃ গণ আন্দোলনলৈ জনতাৰ অভূতপূৰ্ব সঁহাৰি

উল্লেখ্য যে,এবছৰ পূৰ্বে আজিৰ দিনটোতে দলঙৰ উত্তৰ পাৰৰ কাৰেং বালি চাপৰিত বিশাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ লক্ষ জনতাক সম্বোধন কৰি আনুষ্ঠানিকভাৱে উদঘাটন কৰিছিল দেশৰ দীৰ্ঘতম আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং বগীবিল সেতু । প্ৰায় 23 বছৰ অপেক্ষাৰ অন্তত মুকলি হোৱা দলঙখন সেই সময়ত সমগ্ৰ ভাৰততে চৰ্চাৰ বিষয় হৈ পৰিছিল ৷

Intro:স্বচ্ছতাই ঢুকি পোৱা নাই ঐতিহাসিক বগীবিল দলংক

Body: ।

ধেমাজি , ২৫ :ডিচেম্বৰ : আজি ঐতিহাসিক দিনটোতে মুকলি হৈছিল ঐতিহাসিক হেপাঁহৰ সেতু বহু প্ৰতীক্ষিত বগীবিল দলং । উল্লেখ্য যে ২০১৮ ৰ ২৫ ডিচেম্বৰ দিনটোতে দলঙৰ সমীপৰ উত্তৰ পাৰৰ কাৰেং বালি চাপৰিত বিশাল উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি নৰেন্দ্ৰ মোদীয়ে লক্ষ লক্ষ জনতাক সম্বোধন কৰি আনুষ্ঠানিকভাৱে উদঘাটন কৰিছিল দেশৰ দীৰ্ঘতম আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন দলং বগীবিল সেতু ।

পিছে এবছৰ পূৰ্ণ হোৱা হেপাঁহৰ সেতু অপৰিষ্কাৰ হৈ পৰা পৰিলক্ষিত হৈছে । স্বচ্ছতাৰ শ্লগানে ঢুকি নোপোৱা হল । ফলত দলঙৰ দুয়োকাষে থকা ছিদ্ৰসমুহ এতিয়া কেৱল প্লাষ্টিকৰ বটল , চিপচ পেকেট দৰে বিভিন্ন আৱজৰ্নাই ঢাকি পেলাইছে ।

মন কৰিবলগীয়া যে স্বচ্ছতা ৰ নামত ঝাৰু লৈ কেৱল চচিয়েল মেডিয়াত ফটো ৱে উপচাই দিয়া পিছত যেন পিছলৈ ঘুৰি চাবলৈ কাৰো সময় নহয় ।সেইদৰে স্বচ্ছতাৰ নামত চৰকাৰী সংশ্লিষ্ট বিভাগটোৱে কোটি কোটি টকা খৰচ কৰি অহাৰ সত্বেও ঐতিহাসিক দলংখনৰ ওপৰত পৰা নাই সু দৃষ্টি ।

pradunya Bharali , Dhemaji , Assam, 25/12/2019

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.