ETV Bharat / state

Flood and erosion in Jonai: বান-খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি জোনাইত গংগা পূজাৰ আয়োজন - Flood and erosion in Jonai

বৃহস্পতিবাৰে মাজৰবাৰী লাডাংগুৰীত জিএন এছএম উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হয় শ্ৰী শ্ৰী মা গংগা পূজা (Ganga puja held at Jonai) ৷ ছাগলী, হাঁহ, পাৰ, সোণ, ৰূপ, নৈবদ্য আগবঢ়াই ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়া তাণ্ডৱৰ পৰা ৰক্ষা পাবলৈ গংগা মাৰ আশীষ বিচাৰি কৰা হয় এই বিশেষ পূজাভাগ ৷

Ganga puja at Jonai
জোনাই আয়োজন শ্ৰী শ্ৰী মা গংগা পূজা
author img

By

Published : Mar 3, 2023, 10:30 AM IST

জোনাই আয়োজন শ্ৰী শ্ৰী মা গংগা পূজা

জোনাই, 3 মাৰ্চ : গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান, মাজৰবাৰী আঞ্চলিক আঞ্চলিক সমিতিৰ উদ্যোগত, জোনাই আৰু চিচি-চিলাপথাৰ জিলা সমিতি, চেঙাজান-মাজৰবাৰী অঞ্চলবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰে ধেমাজি জিলাৰ চিমেনমুখৰ মাজৰবাৰী অঞ্চলৰ 1 নং লাডাংগুৰী কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰা হয় শ্ৰী শ্ৰী মা গংগা পূজাৰ (Ganga puja held at Jonai) । ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী মা গংগা পূজা ।

পুৱাৰ ভাগতে 1 নং লাডাংগুৰী কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পথাৰৰ এটুকুৰা নিৰ্দিষ্ট ঠাইত পূজাৰ বাবে মণ্ডপ সাজি লোৱা হয় (Ganga puja at Jonai)। লগতে পূজাৰ বাবে ফল-ফুল, ধূপ-ধূনা, তামোল-পান, কল-কুঁহিয়াৰ, মা-প্ৰসাদ, সোণ-ৰূপ, কাপোৰ, সেন্দুৰ, সূতা আদি নৈবদ্যসমূহ যোগাৰ কৰি লোৱা হয় । সুকীয়া সুকীয়াকৈ জল দেৱতা, শিৱ আৰু মা গংগাৰ পূজা কৰা হয় । জল দেৱতাক সন্তুষ্টৰ বাবে এটা কলা ৰঙৰ ছাগলী আগ কৰি মেলি দিয়ে । সেইধৰণে সকলোৰে মংগল কামনা কৰি ভগৱান শিৱক সন্তুষ্ট কৰাৰ বাবে বিভিন্ন নৈবদ্য আগবঢ়াই পূজা দিয়া হয় (Ganga Puja celebrated to seeking relief from flood and erosion) ।

আনহাতে, এখন বৃহৎ আকাৰৰ কলৰ ভূৰ সাজি ভূৰত গংগা মাক সন্তুষ্ট কৰিবলৈ কাপোৰ, সোণ-ৰূপ, প্ৰসাধন সামগ্ৰী, সূতা, গাখীৰ, এজনী বগা হাঁহ, এজনী বগা পাৰ চৰাই, বিভিন্ন নৈবদ্য আগবঢ়োৱা হয় । মূল পূজাৰীয়ে মন্ত্ৰোচ্চাৰণ কৰি ব্ৰহ্মপুত্ৰ, চিমেন, লালী, দিখাৰী আদি নদীৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা চেঙাজান, মাজৰবাৰী লাডাংগুৰী, লক্ষ্মীসুঁতি, বদলপুৰ আদি নৈপৰীয়া ৰাইজে পৰিত্ৰাণ পোৱাৰ মনোবাঞ্চা কৰি পূজাভাগ সমৰ্পন কৰে । ইয়াৰ পাচতে নৈবদ্য ভৰ্তি কলৰ ভূৰখন ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে ।

উল্লেখযোগ্য যে, ডেৰ দশক ধৰি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ কবলত ইতিমধ্যে 1 নং বৰগাঁও, 2 নং বৰগাঁও, 3 নং বৰগাঁও, 6 নং বৰগাঁও, চেঙাজান গোৱালা, নেওলাপাৰা, এলঅচি বাঙালী, সণ্ঠাপাৰা, চেঙাজান বালিগাঁও, কেডিগাঁও, চেঙাজান হাজং, লেম্ব চাপৰি, মঙলবৰীয়া বড়ো, লক্ষ্মীসুঁতি, লাডাংগুৰী আদি নৈপৰীয়া কৃষিজীৱি গাঁওসমূহ নদীৰ বুকুত বিলীন হৈ গ'ল । খহনীয়াগ্ৰস্ত নৈপৰীয়া ৰাইজে চৰকাৰৰ আঁচনিলৈ অনীহা প্ৰকাশ কৰি গংগা মাক সন্তুষ্ট কৰিবলৈ এই পূজা আয়োজন কৰে ।

পূজাৰ এই অনুষ্ঠানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপদেষ্টা কালু দাস, সাধাৰণ সম্পাদক তোলন সোণোৱাল, জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাং, চিচি-চিলাপথাৰ জিলা সমিতিৰ সভাপতি শৈলেশ দলে, উপ সভাপতি বিভাষ হাজং, সাধাৰণ সম্পাদক অমৰ্ত ৰাজবংশী, চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি ভূমছা বসুমতাৰী, উপ সভাপতি বিচিত্ৰ পাৱ, সাধাৰণ সম্পাদক নিৰঞ্জন নমঃশূদ্ৰ, মাজৰবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ডেভিদ দ্বাৰিক প্ৰমুখ্যে সহস্ৰাধিক নৈপৰীয়া গঞা ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়ক : Preparations of Baresahariya Bhaona: বাৰেচহৰীয়া ভাওনাৰ মূল মণ্ডপৰ চূড়াত স্থাপন সোণবৰনীয়া কলচি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.