ETV Bharat / state

Democratic Civil Protection Forum: গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

অনগ্ৰসৰ অঞ্চলৰ সৰ্বাঙ্গীণ বিকাশ হ'বলৈ ঐক্যবদ্ধ সংগ্ৰামৰ বিকল্প নাই । মাজৰবাৰীত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইদৰে কয় বক্তাসকলে ।

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 8:09 PM IST

Democratic Civil Protection Forum
গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ
গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ

জোনাই,৩১ অক্টোবৰঃ চিচি-চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত আৰু মাজৰবাৰী আঞ্চলিক সমিতিৰ সহযোগত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ ত্ৰয়োদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি চিমেনমুখ মাজৰবাৰীৰ বুধবৰীয়া সাৰ্বজনীন ৰাস মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় । প্ৰতিষ্ঠা দিৱসৰ পুৱা ৬-৩০ বজাত শিক্ষক ঘনকান্ত হাজঙৰ নেতৃত্বত স্বচ্ছতা অভিযান ৰূপায়ণ কৰা হয় ।পুৱা ৭-৩০ বজাত গছপুলি ৰোপণ কৰি চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সদস্য সুজিত হাজঙে কয় যে গছপুলি ৰোপণ কৰি ইয়াৰ প্ৰতিপালন কৰিব লাগিব । পতাকা উত্তোলন কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সভাপতি জাৰিমিন নাৰ্জাৰীয়ে ।

ইপিনে, পুৱা ১০ বজাত স্মৃতি তৰ্পণ কৰে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতি গন্ধেশ্বৰ গগৈয়ে। দিনৰ ১১-৩০ বজাৰ পৰা জিএনএছএমৰ উপ সভাপতি গন্ধেশ্বৰ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্ধোধন কৰি ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় উমৈহতীয়া,জ্বলন্ত আৰু বৃহৎ বৃহৎ সমস্যাৰ সমাধানৰ বাবে শক্তিশালী আৰু সাৰ্বজনীন সংগঠনৰ অতীব প্ৰয়োজন । মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোণোৱালে কয় যে বিশ্বায়ন আৰু প্ৰতিযোগিতামূলক যুগত উচ্চ শিখৰত অৱতীৰ্ণ হ'বলৈ সকলো ক্ষেত্ৰতে প্ৰতিগৰাকী নাগৰিক স্ব-নিৰ্ভৰশীল হোৱাৰ অতীব প্ৰয়োজন ।

নিৰ্দিষ্ট বক্তাৰ ভাষণত জিএনএছএমৰ সহকাৰী সাধাৰণ সম্পাদক ফনীধৰ দ্বাৰিকে কয় যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে কেইবাটাও দশক ধৰি সৃষ্টি কৰি অহা বান-খহনীয়াই হাজাৰ হাজাৰ জনবসতিপূৰ্ণ কৃষিজীৱী গাঁও বিধ্বস্ত কৰি পেলালে । হাজাৰ হাজাৰ পৰিয়াল গৃহহাৰা হ'ল বুলি উল্লেখ কৰি চৰকাৰে নৈপৰীয়া ৰাইজৰ জীৱন-সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত চুড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি কয় । সভাত বিশিষ্ট অতিথিৰ ভাষণত অসম হাজং জাতীয় পৰিষদৰ সভাপতি ৰঘুনাথ হাজং, সন্মানীয় অতিথিৰূপে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি চুমৰাজ পুৰী,আক্ৰাছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি দিগেন ৰায়ে ভাষণ আগবঢ়ায় ।

সভাত বিশিষ্ট অতিথি হিচাপে গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপদেষ্টা কালু দাস,বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ৰবীন্দ্ৰ পাণ্ডে, অধ্যক্ষ লালবাবু যাদৱ, এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰী, অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী, সদৌ অসম ভোজপুৰী পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি সুৰেন্দ্ৰ যাদৱ, ধেমাজি জিলা অনুসূচীত জাতি উন্নয়নৰ পৰিষদৰ উপ সভাপতি প্ৰদীপ দাস উপস্থিত থাকে ।

লগতে পঢ়ক:National Unity Day :মৰিগাঁও আৰক্ষীৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.