জোনাই, ১০ জুলাই: বিশিষ্ট সমাজসেৱী, ৰাজাখানা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, শিলিখাগুৰী গাঁৱৰ নিবাসী তুলসী বসুমতাৰীৰ (৮৭) দেওবাৰে দিনৰ ১২-২০ বজাত জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত হয় । ছমাহৰ পূৰ্বৰে পৰা জটিল ৰোগত আক্ৰান্ত হোৱা বিশিষ্ট সমাজসেৱী তুলসী বসুমতাৰীক গুৱাহাটীৰ হেল্থ চিটি হাস্পতাল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাই চিকিৎসা প্ৰদান কৰা হৈছিল।কিছুদিন পূৰ্বে তেওঁক ঘৰলৈ অনাৰ পাছত পুনৰ স্বাস্থ্যৰ অৱনতি হোৱাত যোৱা ৭ জুলাইত নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাই হয় যদিও চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।
১৯৩৬ চনত কামৰূপ জিলাৰ মুছলপুৰ অঞ্চলৰ হালাদোলা গাঁৱত জন্ম গ্ৰহণ কৰা তুলসী বসুমতাৰীয়ে উক্ত অঞ্চলতে অষ্টম শ্ৰেণীলৈকে শিক্ষাগ্ৰহণ কৰিছিল । তুলসী বসুমতাৰীয়ে ১৯৬৫ চনত পৰিয়ালসহ কাৰ্বি আংলং জিলাৰ লাংহিন অঞ্চলত থিতাপি লোৱাৰ পাছত তাত আঠবছৰ বসবাস কৰি ১৯৭৩ তেতিয়াৰ অবিভক্ত লখিমপুৰ জিলাৰ চিমেন চাপৰিৰ চমকং সোনাপুৰ গাঁৱত থাকিবলৈ লয় । ইয়াৰ পাছতে ১৯৭৮ চনত জোনাই অঞ্চলৰ শিলিখাগুৰী গাঁও প্ৰতিষ্ঠা কৰে । তেওঁ বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সদস্য,১৯৮১ চনত শিলিখাগুৰী বড়ো প্ৰাথমিক বিদ্যালয় প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা পালন কৰিছিল । ১৯৮২-৮৩ চনত ভৈয়াম জনজাতি পৰিষদ, অসম(পিটিচিএ)ৰ সক্ৰিয় নেতা,১৯৯০-৯৫ চনত ৰাজাখানা গাঁও পঞ্চায়তৰ সভাপতি পদ অলঙ্কৃত কৰা তুলসী বসুমতাৰীয়ে সংহত জনজাতি উন্নয়ন প্ৰকল্প, জোনাই, জনজাতি উন্নয়ন প্ৰাধীকৰণ,জোনাইৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।
বড়োলেণ্ড লিবাৰেচন টাইগাৰ্ছ ফ'ৰ্ছৰ নেতৃত্বত চলোৱা বড়োলেণ্ড আন্দোলনৰ সময়ত পুলিচৰ অত্যাচাৰ ভূগিব লগা হৈছিল তুলসী বসুমতাৰীয়ে । তদুপৰি তেওঁ বিভিন্ন সামাজিক অনুষ্ঠানত জড়িত আছিল । বিশিষ্ট সমাজকৰ্মীগৰাকীৰ মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী, গুণমুগ্ধ শিলিখাগুৰীৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী,চাৰিজন পুত্ৰ ইহসংসাৰত এৰি থৈ যায় । বিশিষ্ট সমাজসেৱীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় তুলসী বসুমতাৰী এগৰাকী প্ৰকৃত সমাজসেৱক আছিল ।
তেওঁৰ মৃত্যুত বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰী, ইএম অনিল বসুমতাৰী,প্ৰণৱ বড়ো,বিনোদ বসুমতাৰী, ইউবিপিঅ'ৰ উপ সভাপতি ললিত চন্দ্ৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্ম,ধেমাজি জিলা সমিতিৰ সভাপতি ৰাতিৰাম বসুমতাৰী, সাধাৰণ সম্পাদক দীপাঙ্কৰ নাৰ্জাৰী,বড়ো সাহিত্য সভাৰ সম্পাদিকা সৌৰ্জিলা ওৱাৰী,জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰী, উপ সভাপতি ধনেশ্বৰ নাৰ্জাৰী,সাধাৰণ সম্পাদক মানিক বড়ো,সদৌ অসম ছাত্র সন্থাৰ তথ্য আৰু প্ৰচাৰ সম্পাদক মন্টুৰাজ বৰুৱা,কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈ, ৰবি কছাৰী, ধেমাজি জিলা সমিতিৰ উপদেষ্টা দিপক শৰ্মা, সভাপতি সঞ্জীৱ দাস,সম্পাদক জয়ন্ত বৰগোঁহাই,এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি টেনজিং বড়ো,উপ সভাপতি হিৰণ্য স্বৰ্গীয়াৰী,সাধাৰণ সম্পাদক উদাং বি বডোছা,আবৌফৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা সোভাৰাণী বসুমতাৰী,সভানেত্ৰী ফুলেশ্বৰী দৈমাৰী, সাধাৰণ সম্পাদিকা ভাৰতী হাজোৱাৰী ব্ৰহ্ম,গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপ সভাপতি সুশীল বসুমতাৰী,গন্ধেশ্বৰ গগৈ, সাধাৰণ সম্পাদক তোলন সোণোৱাল, জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাং,অসম জাতীয় পৰিষদৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক জ্যোতিষ কোঁচ,বিষয়ববীয়া দ্বীপ পেগু, কুশল বৰগোঁহাই, জোনাই সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰোহিণী দুৱৰা,নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সুশীল বসুমতাৰী,মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য পদুম ৰাই, সদৌ অসম ট্ৰাইবেল সংঘৰ জোনাই জিলা সমিতিৰ সভাপতি অজিত ৰেগন, উপ সভাপতি ত্ৰৈলোক্য সোণোৱাল, সাধাৰণ সম্পাদক পদ্মেশ্বৰ দলেয়ে শোক প্ৰকাশ কৰিছে । শিলিখাগুৰী গাঁৱত অগণন গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হয় ।
লগতে পঢ়ক:Fight over free fire game : ফ্ৰী ফায়াৰ খেলক কেন্দ্ৰ কৰি কলগাছিয়াত মাৰপিট: চাৰিজনৰ অৱস্থা সংকটজনক