ETV Bharat / state

জোনাইৰ চিমেন চাপৰিত ৫০০ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

লক ডাউন প্ৰভাৱত সৰ্বশ্ৰান্ত চিমেন চাপৰি, ডেকাপাম, চমকঙ,মিছামৰাৰ ৫০০ পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ সংযুক্ত বড়ো গণ মঞ্চৰ ।

author img

By

Published : Apr 9, 2020, 9:04 PM IST

জোনাই
জোনাইৰ চিমেন চাপৰিত ৫০০ পৰিয়াললৈ খাদ্য সামগ্ৰী বিতৰণ

জোনাই, ৯ এপ্ৰিলঃ বুধবাৰে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ প্ৰভাৱত সৰ্বশ্ৰান্ত হোৱা চিমেন চাপৰি, ডেকাপাম, চমকঙ আৰু মিছামৰা অঞ্চলৰ ৭৯ খন গাঁৱৰ পাঁচশটা দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে সংযুক্ত বড়ো গণ মঞ্চৰ সানজা সানজাৰি নৌগৌৰ আৰু স্বনাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিয়ে।

ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিয়ে ডেকাপাম আৰু মিছামৰা অঞ্চলৰ তিনিশটা দৰিদ্ৰ পৰিয়ালক চাৰি কেজি চাউল,মিঠাতেল, নিমখ, আলু, বিলাহী, বন্ধাকবি, চাৰ্ফ আৰু চাবোন বিতৰণ কৰে । আনহাতে, সংগঠনটোৰ স্ব'নাব সানজাৰি নৌগৌৰ সমিতিয়ে দুশটা পৰিয়ালৰ মাজত পাঁচ কেজি চাউল, আধা কেজি দাইল, মিঠাতেল, চাৰ্ফ আৰু চাবোন বিতৰণ কৰে ।

সামগ্ৰী বিতৰণ কাৰ্যসূচীত সহযোগ আগবঢ়াই ইউবিপিঅৰ উপদেষ্টা বিপিন গয়াৰী, সম্পাদক শুক্ৰেশ্বৰ গয়াৰী, অবিভক্ত লক্ষীমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি তথা মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, ধেমাজি জিলা ইউবিপিঅৰ সাধাৰণ সম্পাদক দিপাংৰ নাৰ্জাৰী, কোষাধ্যক্ষ ৰবিন বড়ো, ডেকাপাম গাঁও পঞ্চায়তৰ সভানেত্ৰী সুমিতা মুছাহাৰী, ইউবিপিঅৰ সানজা সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি ৰাজু বসুমতাৰী, অবিভক্ত লক্ষীমপুৰ জিলা বাথৌ মহাসভাৰ উপ-সভাপতি বিলাম্বৰ খেৰকটাৰী, ইউবিপিঅৰ স্ব'নাব সানজাৰি নৌগৌৰ আঞ্চলিক সমিতিৰ সভাপতি অনিল বসুমতাৰী, সাধাৰণ সম্পাদক দৈমালু বসুমতাৰী, প্ৰমুখ্যে বহু সংখ্যক নেতা-কৰ্মীয়ে ।

তাৰোপৰি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থা প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক দীপক বৰগোহাই আৰু তেওঁ ঘৰ পৰিয়ালে বাহিৰ জোনাইৰ ১৩ ঘৰ দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰা হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.