ETV Bharat / state

ধেমাজিত বানাক্ৰান্তৰ মাজত হাহাকাৰ - বানপীড়িত ৰাইজ

আহিন মাহতো বানৰ প্ৰকোপ নকমাত হাহাকাৰ লাগিছে ধেমাজিৰ ৰাইজৰ মাজত ৷ কিন্তু এই লৈ তিলমানো কাণসাৰ নাই ৰজাঘৰীয়াৰ ৷

Flood situation continues in dhemaji
ধেমাজিত অব্যাহত বানৰ তাণ্ডৱঃকাণসাৰ নাই জনপ্ৰতিনিধিৰ
author img

By

Published : Oct 3, 2020, 9:58 PM IST

ধেমাজি, 3অক্টোবৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত বানপানীয়ে তাণ্ডৱ চলায় যোৱাৰ পিছতে আন এক ভয়ংকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব লগা হৈছে বানপীড়িত ৰাইজে ৷ তেনে এক দৃশ্য দেখা পোৱা গ'ল ধেমাজি বিধানসভা সমষ্টি ৰ লক্ষীপথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বৃহত্তৰ বৰুৱা অঞ্চলত ৷ ভৰবাৰিষা অঞ্চলটোৰ 1 নং বৰুৱা গাঁও , ২ নং বৰুৱা লালুং গাঁৱত ৰাই নদীয়ে তাণ্ডৱ চলোৱাৰ পৰিপ্ৰেক্ষিতত আশ্ৰয় শিবিৰত আশ্ৰয় ল'ব লগা হৈছিল অঞ্চলবাসী ৰাইজে ৷

ধেমাজিত অব্যাহত বানৰ তাণ্ডৱঃকাণসাৰ নাই জনপ্ৰতিনিধিৰ

পৰিতাপৰ বিষয় যে, আহিন মাহতো বানৰ প্ৰকোপ নকমাত হাহাকাৰ লাগিছে এতিয়া ৰাইজৰ মাজত ৷ তদুপৰি ঘৰৰ ভিতৰত এতিয়াও বিৰাজমান হৈ আছে বোকা-পানী । যাৰ ফলত বহু পৰিয়ালে এতিয়াও পথৰ ওপৰতে আশ্ৰয় ল'বলগীয়া হৈছে ৷ কিন্তু এই লৈ তিলমানো কাণসাৰ নাই ৰজাঘৰীয়াৰ ৷ আজি পৰ্যন্ত খবৰ ল'বলৈ আহৰি নোলাল জনপ্ৰতিনিধিৰ ৷ ইয়াকে লৈ তীব্ৰ ক্ষোভ উজাৰিছে গাঁওবাসীয়ে ৷ উল্লেখযোগ্য যে,বৃহত্তৰ অঞ্চলটোৰ মূল গড়কাপ্তানি পথটো বানে ঠায়ে ঠায়ে বিধ্বস্ত কৰাৰ ফলত পোনপটীয়া যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰিছে ৷

Flood situation continues in dhemaji
ধেমাজিত অব্যাহত বানৰ তাণ্ডৱঃকাণসাৰ নাই জনপ্ৰতিনিধিৰ

লগতে পঢ়কঃআৰক্ষী অধীক্ষকৰ নামত ধন দাবী যুৱকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.