ETV Bharat / state

ধেমাজি আৰু নাওবৈচাত বন্যাৰ্তক সাহায্য বিতৰণ

author img

By

Published : Aug 23, 2020, 4:43 AM IST

নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ উদ্যোগত নাওবৈচাৰ বানবিধস্ত অঞ্চলত বান সাহায্য বিতৰণ ৷ জমেট ফিড ইণ্ডিয়াইও যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সৌজন্যত শনিবাৰে ধেমাজিৰ আমূলগুৰিত জীয়াঢলৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত বান সাহায্যৰ একোটা টোপোলা বিতৰণ কৰে ।

flood relief distribution
flood relief distribution

নাওবৈ, ধেমাজি, 22 আগষ্ট : নাওবৈচা বানবিধস্ত অঞ্চলৰ তিনি শতাধিক পৰিয়ালৰ মাজত নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকৰ বান সাহায্য প্ৰদান ৷ যোৱা ১৪ আগষ্ট পুৱা শিঙৰা নদীৰ প্ৰলয়ংকৰী বানে মুহূৰ্ততে ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা দলহাট সংযোগী গড়কাপ্তানি পথটো খণ্ড-বিখণ্ড কৰি নাওবৈচা আৰু দলহাট সোণাপুৰ গাঁও পঞ্চায়তৰ সহস্ৰাধিক জনসাধাৰণৰ জীৱনলৈ নমাই আনিছিল ঘোৰ বিপৰ্যয়। বৰ্তমান অঞ্চলটোত বান পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও বন্যাৰ্তৰ ৰাইজৰ শেষ হোৱা নাই দুৰ্যোগ তথা যন্ত্ৰণা ।

বানবিধস্ত অঞ্চলত বান সাহায্য বিতৰণ

অন্ন বস্ত্ৰ বাসস্থানৰ বাবে হাহাকাৰ কৰি থকা ৰাইজৰ মাজত দেখা দিছে খাদ্য সংকটে । এই সকল দুৰ্ভগীয়া লোকক জিলাখনৰ বিভিন্ন দল,সংগঠন,স্বেচ্ছাসেৱী অনুষ্ঠানে বান সাহায্য প্ৰদান কৰি মানৱীয়তাৰ উৎকৃষ্ট নিৰ্দশন দাঙি ধৰা সময়তে শনিবাৰে বান বিধ্বস্ত অঞ্চলটোত নৰ্থ ইষ্ট স্মল ফাইনেঞ্চ বেংকে পৰিয়াল সমূহৰ মাজত কিছু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে। বানবিধস্ত ৩০নং ফিচিগ্ৰাণ্টৰ পথৰ ওপৰত আশ্ৰয় গ্ৰহণ কৰি থকা তিনি শতাধিক পৰিয়ালৰ মাজত চাউল,দালি, চেনী,গাখীৰ,চিৰা,গুৰ , চাহপাতকে ধৰি একোটা টোপোলা বিতৰণ কৰে। বানত সকলো হেৰুৱাই দিশহাৰা হোৱা ৰাইজে বেংকটোৰ এনে পদক্ষেপ শলাগ লয়।

flood relief distribution
বন্যাৰ্তক সাহায্য বিতৰণ
আনহাতে, জমেট ফিড ইণ্ডিয়াই যোৰহাট জিলা প্ৰশাসনৰ সহযোগত আৰু ধেমাজি জিলা প্ৰশাসনৰ সৌজন্যত শনিবাৰে ধেমাজিৰ আমূলগুৰিত জীয়াঢলৰ বানত ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত বান সাহায্যৰ একোটা টোপোলা বিতৰণ কৰে । অনুষ্ঠানটোৰ কৰ্মকৰ্তাই জানিবলৈ দিয়া মতে ধেমাজি জিলাৰ 24 খন গাঁৱৰ 1600 টা পৰিয়াল সামৰি লৈছে । ইয়াৰ বাবে দুদিন সময় লৈছে আৰু প্ৰথম দিনা আমূলগুৰি , ঘেয়াৰী গাওঁ , শালমাৰী , ভজুগাঁও আদি ক্ষতিগ্ৰস্ত 400 টা বানাক্ৰান্ত পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ টোপোলা বিতৰণ কৰিছে ।

লগতে পঢ়ক : মালিগাঁৱত নাহৰফুটুকী ধৰিবলৈ পিঞ্জৰা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.