ETV Bharat / state

জোনাইত চিয়াং নদীৰ জলপৃষ্ঠ বৃদ্ধি: শোচনীয় হৈ পৰিছে মানুহ-পশুধনৰ বিলাই-বিপত্তি - Rain in Arunachal Pradesh

জোনাইত বৃদ্ধি পাইছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ পবা বৰ্ষাৰণ্যতো সোমাইছে বাঢ়নী পানী ৷ ফেনে ফুটুকাৰে বাঢ়িছে চিয়াং, লালী, দিখাৰী, ব্ৰহ্মপুত্ৰ ৷ বানত জলমগ্ন হৈ পৰিছে বহু ৰাজহ গাঁও ৷ মানুহৰ লগতে পশুধনৰ বাবে অভাৱ হৈছে খাদ্য-বাসস্থানৰ ৷

Flood in Jonai
শোচনীয় হৈ পৰিছে মানুহ-পশুধনৰ বিলাই-বিপত্তি
author img

By

Published : Jun 28, 2022, 10:57 PM IST

জোনাই , ২৮ জুন: জোনাইত দুদিন ধৰি বান পৰিস্থিতি কিছু উন্নত হৈছিল যদিও পুনৰ মঙলবাৰে বিভীষিকাৰ সৃষ্টি হৈছে (Flood in Jonai)৷ সোমবাৰৰ নিশাৰে পৰা নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত জোনাইত চিয়াং নদীৰ জলপৃষ্ঠ(Water level of Siang river) অধিক বৃদ্ধি পোৱাত জলমগ্ন হৈ পৰিছে ন ন অঞ্চল ৷ চিয়াং, চিলে, জোনাই নদীৰ বানত নদীদ্বীপ কবু চাপৰি, কেমি, পুৰণা জেলম, মহমৰাহ, বাহিৰ জোনাই, শান্তিপুৰ, বেৰাচপৰি অঞ্চলৰ প্ৰায় শতাধিক গাঁৱৰ শশ পৰিয়ালৰ ঘৰ-বাৰী, শস্য পথাৰ বুৰ যোৱাৰ লগতে বগীনদী, অকলেণ্ড, বাহিৰ জোনাই, মাছোৱা কেম্প আদিৰ কেইবাঠাইতো গড়কাপ্তানী পথৰ ওপৰেদি পানী বাগৰৰাত যাতায়ত বন্ধ হৈ পৰিছে ৷

ইফালে মেৰামতিৰ অভাৱত চিলে নদীৰ বাঢ়নী পানীয়ে মথাউৰি চিঙি পেলোৱাত মতৌপুৰ গাঁৱৰ ৩০ টাৰো অধিক পৰিয়ালৰ ঘৰ-বাৰীৰ চাৰিওফাল জলমগ্ন হোৱাত মানুহৰ সমান্তৰালকৈ খাদ্য আৰু বাসস্থানক লৈ হাহাকাৰৰ সৃষ্টি হৈছে পশুধনৰ মাজতো ।

ঘৰৰ ভিতৰতো একঁকাল পৰ্যন্ত পানী হোৱাত একাংশ পৰিয়ালে ওখ স্থানত আশ্ৰয় লৈ থকাৰ বিপৰীতে একাংশ পৰিয়ালে ঘৰৰ ভিতৰতে চাং সাজি কোনোমতে থকা বুলি জানিব পৰা গৈছে । ইফালে অৰুণাচলৰ(Rain in Arunachal Pradesh) লগতে অসমৰ ভিন্ন ঠাইত যোৱা দুসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণ অব্যাহত থকাৰ সময়তে জোনাইত যোৱা নিশাৰে পৰা পুনৰ ধাৰাষাৰ বৰষুণৰ অহাৰ ফলত পুনৰ উফন্দি উঠিছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ চিয়াং নদীৰ চৰ-চাপৰিৰ বহু গাঁও পুনৰ চিয়াং নৈৰ কবলত পৰিছে৷

শোচনীয় হৈ পৰিছে মানুহ-পশুধনৰ বিলাই-বিপত্তি

চিয়াঙৰ জলপৃষ্ট বৃদ্ধি পোৱাত চৰ-চাপৰি অঞ্চলত শশ মানুহৰ ঘৰ-বাৰী, পথ-পথাৰ পানীত বুৰ গৈছে৷ ইফালে শশ পশুধনো খাদ্যৰ সংকটত পৰা পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে, জোনাই মহকুমাৰ পবা বৰ্ষাৰণ্যতো সোমাইছে পানী৷ বৰ্ষাৰণ্যখনৰ ভিতৰত চিয়াং নৈৰ বাঢ়নী পানী সোমোৱাৰ ফলত জীৱকূলৰ প্ৰতি নামি আহিছে ভাবুকি । আনহাতে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ জামুগুৰী, উলুৱনী অঞ্চলত মঙলবাৰে বান পৰিস্থিতিৰ অধিক শোচনীয় হৈ পৰিছে ।

দিখাৰী নদীৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ উলুৱনী, জামুগুৰী অঞ্চলৰ পোন্ধৰখনৰো অধিক গাঁও । কেবাদিনো ধৰি হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি পাইছে দিখাৰী নদীৰ পানী । দিখাৰী নদীৰ বাঢ়নী পানীয়ে জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ ১ নং, ২ নং, ৩ নং জামুগুৰী, ১-২ নং উলুৱনী, উলুৱনী মাজগাঁও, উলুৱনী জয়পুৰ, বিঞ্চুপুৰ, লংকা, ১-২-৩ নং মলান, নলাপাৰা, বুঢ়ীসূঁতি কছাৰী আদি পোন্ধৰখনৰো অধিক কৃষিপ্ৰধান গাঁৱৰ পথ-পথাৰ বুৰাই পেলায় ।

দিখাৰী নদীৰ বানত উলুৱনী, জামুগুৰী অঞ্চলৰ গাঁওসমূহৰ বাট-পথসমূহ দিখাৰী নদীৰ পানীয়ে বুৰাই পেলোৱাৰ লগতে কৃষিজীৱী গাঁওসমূহৰ শস্য-পথাৰসমূহো বুৰ গৈছে ৷ দিখাৰী নদীৰ বানত ১ নং জামুগুৰী গাঁৱৰ মানিক বড়ো, যোগেশ্বৰ বসুমতাৰী, বাবুল দৈমাৰী, উলুৱনী মাজগাঁৱৰ ভানু বসুমতাৰী, বিপিন গয়াৰী, হেমন্ত বসুমতাৰী, সিদেশ্বৰ বড়ো, দিগন্ত বড়ো, নগেন বড়ো, উলুৱনী জয়পুৰ গাঁৱৰ ধনেশ্বৰ সূত্ৰধৰ, ভোলা ৰাভা, আলু ৰাভাৰ উপৰি ১-২ -৩ নং মলান গাঁৱৰ পৰিয়ালসমূহৰ ঘৰ-ভেটি বুৰ গৈছে ।

ইপিনে নেৰানেপেৰা বৰষুণৰ ফলত চিয়াং, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জলমগ্ন কৰি পেলাইছে নদীদ্বীপ মেচাকি চাপৰি । মেচাকি চাপৰিৰ বুড়িয়া চাপৰি, ৰামসিং ৰাভা, ৰামসিং বড়ো, মোহনামুখ বড়ো, মোহনামুখ গোৱালা, মেচাকি চাপৰি বড়ো, মেচাকি চাপৰি ৰাভা, মেচাকি চাপৰি বৰ্মন, মিলনপুৰ, ৰুমৈৰুমৈ, কয়লাআলি অঞ্চলৰ কেকন দিখাৰী, আন' চাপৰি আদি কৃষিপ্ৰধান গাওঁসমূহ জলমগ্ন হৈ পৰিছে ।

চিয়াং, ব্ৰহ্মপুত্ৰৰ বানত মেচাকি চাপৰিৰ পথ-পথাৰসমূহৰ লগতে বহু পৰিয়ালৰ ঘৰভেটি, শস্য-পথাৰ বুৰ গৈছে । দিখাৰী, পঃতে নলাৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ চিয়াৰী, মিছামৰা গাওঁ পঞ্চায়তৰ ১ নং মধুপুৰ, ২ নং মধুপুৰ, ৩ নং মধুপুৰ, তেলাম গাওঁ পঞ্চায়তৰ অৰুণ চাপৰি আদি কৃষিপ্ৰধান গাওঁসমূহ ।

দিখাৰী, বুঢ়ীসূঁতি, ডেকা, পঃতে নলাৰ বানত জলমগ্ন হৈ পৰিছে মিছামৰা গাওঁ পঞ্চায়তৰ অন্নপুৰ, মিছামৰা তিনিআলি, ১ নং নাওকাটা, ২ নং নাওকাটা, ৩ নাওকাটা, নলবাৰী, বিল্লাম,ৰুঃৱাদ, তুল্লাদ, কাংকান চাপৰি আদি গাওঁসমূহ জলমগ্ন হৈ পৰিছে । লালী, দিখাৰী, বুঢ়ীসূঁতি আদি নদীৰ বাঢ়নী পানীয়ে ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ টাকাবাৰী, বদলপুৰ বড়ো,বদলপুৰ বৰ্মণ, পাখ্ৰীগুৰী, চমকং গাওঁ পঞ্চায়তৰ অপ্সৰা, চেঙাজান কৈৱৰ্ত, লাম্বা মিলন, লাম্বা মিচিং, সৌৰাংশ্ৰী আদি কৃষিপ্ৰধান গাওঁসমূহ ।

ডেপী আৰু লালী নদীৰ বানত বিধ্বস্ত হৈছে গালি চিকাৰী গাওঁ পঞ্চায়ত গালি পালুং, গালি শান্তিপুৰ, বৰং অঞ্চলৰ বৰং আহোম, বৰং মজদুৰ, বৰং কৃঞ্চপুৰ, বৰং চৰাইবাৰী, বৰং তেলীজান, বৰং পিপ'লগুৰী, বৰং এৰাসূঁতি, মদাৰগুৰী, বৰং বুঢ়ীসূঁতি, ১ নং কৰ্ণপুৰ, ২ নং কৰ্ণপুৰ আদি গাওঁসমূহ । আনহাতে লালী আৰু বুঢ়ীসূঁতি নদীৰ বানত জলমগ্ন হৈ পৰিছে গালি গাওঁ পঞ্চায়তৰ বৃহত্তৰ গালিঘাট অঞ্চল । অঞ্চলটোৰ গালিঘাট, মুদৈ, মুদৈ দেবেৰা, মুনমুন চাপৰি, জীয়াঢল, কাংকান চাপৰি, মাঝিআলি আদি নৈপৰীয়া গাওঁসমূহো বানত বিধ্বস্ত হৈ পৰিছে ।

লগতে পঢ়ক: বান পৰিস্থিতি পৰিদৰ্শন কৰি বৰপেটা সত্ৰত সেৱা জনালে মুখ্যমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.