ETV Bharat / state

ধেমাজিত ভদীয়া বানত ছিগিল গড়কাপ্তানি পথঃ জলমগ্ন বিস্তীৰ্ণ অঞ্চল - ধেমাজি জীয়াঢল চাৰিআলি

ত্ৰিশ খনৰো অধিক গাঁৱৰ লোকৰ যাতায়তৰ বাবে হাহাকাৰ । খবৰ লবলৈ আহৰি নাই ধেমাজি জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীৰ । ঠিকাদাৰৰ নিম্নমানদণ্ডৰ কাম কৰাৰ পৰিণতিতেই পথৰ এই দুৰৱস্থাৰ সৃষ্টি হৈছে ।

flood destroyed pwd Road at dhamaji
ধেমাজিত ভদীয়া বানত ছিগিল গড়কাপ্তানি পথঃ জলমগ্ন বিস্তীৰ্ণ অঞ্চল
author img

By

Published : Sep 13, 2020, 5:59 PM IST

ধেমাজি ,১৩ চেপ্তেম্বৰঃ বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণৰ ফলত পুনৰ বৃদ্ধি পাইছে জীয়াঢলৰ জলস্তৰ । তাৰফলত জীয়াঢলৰ ভদীয়া বানে দেওবাৰে ধেমাজি জীয়াঢল চাৰিআলি সমীপৰৰ ভজু জালভাৰী আৰু হেঁচুলি মাজৰ গড়কাপ্তানি পথৰ পকী কালৰ্ভাট খহাই নিয়ে ।

flood destroyed pwd Road at dhamaji
ধেমাজিত ভদীয়া বানত ছিগিল গড়কাপ্তানি পথঃ জলমগ্ন বিস্তীৰ্ণ অঞ্চল

সাংবাদিকৰ কেমেৰাৰ সন্মুখতেই চপৰা চপৰে বাঢ়নী পানীৰে খহাই নিয়ে গড়কাপ্তানি পকী পথৰ অংশ ৷ ফলস্বৰূপে বছৰটোৰ শেহতীয়া বানত পৰি যাতায়তৰ বাবে হাহাকাৰ কৰিছে অঞ্চলবাসীয়ে ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে পথটো কালভাৰ্টসহ বিচ্ছিন্ন হোৱাৰ ফলত সদৰলৈ অহা যোৱা কৰা ত্ৰিশখন গাঁৱৰ লোক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰে । বিগত বানৰ সময়ত এগৰাকী ঠিকাদাৰে বাঁহ পুতি বান্ধ দিছিল যদিও অতি নিম্ন মানদণ্ডৰ কাম কৰি দায়িত্ব সামৰা ফলতে পুনৰ বানে খহাই নিলে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

উল্লেখযোগ্য যে, ইতিমধ্যে পথটো আন এটা কালৰ্ভাটৰ সমীপৰ মাটিত খহনীয়া সৃষ্টি কৰিছে যদিও প্ৰশাসনৰ কোনো লোকে খবৰ লোৱা নাই বুলি মন্তব্য কৰিছে স্থানীয় লোকে । আনহাতে বিগত কেইবাটাও বাঢ়নী পানীয়ে বালি পেলাই নিশেষ কৰা পথাৰত একাংশ কৃষকে পুনৰ খেতি কৰি সপোন দেখিছিল যদিও এই ভদীয়া বানে সেই আশাও সম্প্ৰতি সমূলঞ্চে নাইকিয়া কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়কঃ বিজেপিয়ে ব্যৱসায়িক দৃষ্টিভংগীৰে দল পৰিচালনা কৰে : অদীপ কুমাৰ ফুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.