ধেমাজি, 17 জুন : জীয়াঢলৰ বানৰ কৱলত পৰি পানীৰে একাকাৰ হৈ পৰিছে ধেমাজিৰ বিস্তীৰ্ণ অঞ্চল । বানত ত্ৰাহি মধুসূদন সোঁৱৰিব লগীয়া হৈছে অঞ্চলটোৰ কৃষকসকলে । বাঢ়নী পানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে ঘৰ-পথাৰ । কাৰোবাৰ যদি সপোনৰ সেউজীয়া পথাৰ বালিয়ে পুতিছে আন কাৰোবাৰ আগতীয়া খেতি নষ্ট কৰিছে ।
![জীয়াঢল নদী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-02-floodfarmer-17june-visbyte-as10021_17062020173231_1706f_02239_443.jpg)
ফলত জীয়াই থকাৰ তাড়নাত ধেমাজিৰ একাংশ বানাক্ৰান্তই পথাৰৰ পৰা কেঁচা অৱস্থাতেই ধান দাই আনি পথৰ ওপৰতে ভৰিৰে মাৰিছে । একাংশ স্থানীয় বন্যাৰ্তৰ মতে পানী শুকালেহে খবৰ লয় চৰকাৰী মানুহে ।
![খেতিপথাৰৰ অৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-02-floodfarmer-17june-visbyte-as10021_17062020173237_1706f_02239_853.jpg)
উল্লেখ্য যে এজাক বৰষুণ দিলেই জীয়াঢলৰ বানৰ সৈতে সহাৱস্থান কৰিবলগীয়া হয় ধেমাজিৰ নআলি ভজোগাওঁ, শালমাৰী, চেচাসহ, দুলুংকান, হেচুলি, ঘেয়াৰী, পাভমাৰী, শিঙিমাৰী আদি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে ।
![পথৰ ওপৰতেই চলিছে মৰণাৰ কাম](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-dmj-02-floodfarmer-17june-visbyte-as10021_17062020173237_1706f_02239_97.jpg)
এনে অৱস্থাত এতিয়া কৃষকসকল উপায়বিহীন হৈ পৰিছে ৷ চৰকাৰে সময়মতে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতেই এইদৰে দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাজ্যৰ কৃষকসকলে ৷
লগতে পঢ়কঃ লেহৰ সোনম নাৰবু স্মাৰক হাস্পতালত শ্বহীদ সৈনিকক শ্ৰদ্ধা নিবেদন