ETV Bharat / state

চিয়াং নদীৰ পলসৰ তলত সোমাল জোনাই

বানে তচনচ কৰা জোনাইত ৰাইজৰ স্বাভাৱিক জীৱনৰ বাবে হাহাকাৰ ৷ পলসৰ তলত পোত গ'ল জোনাইৰ বহুকেইখন গাঁও ৷ বান যোৱাৰ পাছতো মথাউৰিতে আশ্ৰয় লৈছে বহু বানাক্ৰান্তই ৷ আপোন ঘৰ, খেতি মাটি হেৰুৱাই দিকবিদিক হেৰুৱাইছে বন্যাৰ্তই ৷

author img

By

Published : Oct 12, 2020, 9:33 AM IST

জোনাইত পলসৰ তলত বহুকেইখন গাঁও
জোনাইত পলসৰ তলত বহুকেইখন গাঁও

জোনাই, 12 অক্টোবৰ : বানত সকলো হেৰুৱাৰ পাছত আকৌ নতুন প্ৰত্যাহ্বানৰ সন্মুখীন জোনাইৰ বহুতো বানাক্ৰান্ত পৰিয়াল ৷ বানৰ তাণ্ডৱৰ পাছতে পলসৰ তলত জোনাইৰ বহুকেইখন গাঁও ৷ প্ৰলয়ংকাৰী বানত ঘৰ, খেতি-মাটি সকলো হেৰুৱাই বান যোৱাৰ পাছতো মথাউৰিতে আশ্ৰয় ল'বলৈ বাধ্য হৈছে জোনাইৰ অধিকাংশ বন্যাৰ্ত লোক ৷

জোনাইত পলসৰ তলত বহুকেইখন গাঁও

বানাক্ৰান্ত ৰাইজে জানিবলৈ দিয়া মতে চিয়াঙৰ প্ৰলয়ংকাৰী বানত জোনাইৰ বেৰাচাপৰিৰ কেইবাশতাধিক লোকে চিৰদিনৰ বাবে নিজৰ ঘৰ আৰু খেতি মাটি হেৰুৱায় ৷ মথাউৰি চিঙি চিয়াং নৈ গাঁওখনৰ মাজেদি বৈ যোৱাত বেৰাচাপৰি অঞ্চলত স্বাভাৱিক জীৱন প্ৰায় ব্যাহত হৈ পৰিছে ৷ চিয়াং নদীৰ পলসে ঘৰ বাৰী, খেতি-পথাৰ সকলো পুতি পেলোৱাৰ লগতে চাইকেল দমকল সকলো পলসৰ তলত পোত যোৱাত দিকবিদিক হেৰুওৱা বন্যাৰ্তৰ মাজত এতিয়া স্বাভাৱিক জীৱনৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: গাঁঠিৰ ধন ভাঙি পথ মেৰামতি ৰাইজৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.