ETV Bharat / state

অনিশ্চিয়তাৰ মাজত জোনাইৰ খহনীয়াগ্ৰস্ত পৰিয়াল

author img

By

Published : Aug 14, 2019, 6:22 PM IST

জোনাইত চিয়াং লালী নদীৰ খহনীয়াত গৃহহাৰা ১৯ টা পৰিয়াল অনিশ্চয়তাৰ মাজত দিন কটাইছে আশ্ৰয় শিৱিৰত ৷ শিৱিৰটোত থকা অৰ্ধশতাধিক লোক আক্ৰান্ত বিভিন্ন ৰোগত ৷

অনিশ্চিয়তাৰ মাজত আশ্ৰয় শিবিৰত জোনাইত খহনীয়াত গৃহহাৰা পৰিয়াল

জোনাই, 14 আগষ্ট : জোনাইত চিয়াং লালী নদীৰ ভয়ংকৰ খহনীয়াত জাহ গৈছে বেৰাচাপৰিৰ কুৰিৰো অধিক পৰিয়ালৰ বাসগৃহ ৷ গৃহহাৰা 19 টা পৰিয়ালে বৰ্তমান আশ্ৰয় লৈছে জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা বেৰাচাপৰি প্ৰাথমিক বিদ্যালয়ত ৷ প্ৰশাসনে স্থাপন কৰা অস্থায়ী শিবিৰত অনিশ্চয়তাৰ মাজত দিন অতিবাহিত কৰিছে বানাক্ৰান্তই ৷ খাদ্য খোৱাপানী আদি বিভিন্ন সমস্যাৰ মাজেৰে তিনিটাকৈ দিন বিদ্যালয় গৃহতে কটাইছে কণ কণ শিশু বৃদ্ধাসহ পৰিয়ালকেইটাই ৷

অনিশ্চিয়তাৰ মাজত আশ্ৰয় শিবিৰত জোনাইত খহনীয়াত গৃহহাৰা পৰিয়াল

খহনীয়াত জাহ যোৱা ১৯ টা গৃহহাৰা পৰিয়ালে পুনৰ সংস্থাপনৰ বাবে নাথাকিল এডোখৰ ভূমিও ৷ এনে পৰিস্থিতিত বিদ্যালয়ৰ আশ্ৰয় শিবিৰত কিমান দিন আশ্ৰয় ল'ব ইয়াক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পৰিয়ালকেইটাৰ মাজত ৷ আনহাতে আশ্ৰয় শিৱিৰত থকা প্ৰায় অৰ্ধশতাধিক লোকৰ মাজত দেখা দিছে নানান বেমাৰে ৷ শিশুৰ পৰা বৃদ্ধলৈ সংক্ৰমণ হৈছে জ্বৰ, কাহ, চৰ্দি, মূৰৰ বিষ আদি বিভিন্ন বেমাৰ ৷ মংগলবাৰে এটা চিকিৎসকৰ দলে শিবিৰটোত থকা লোকসকলৰক স্বাস্থ্য পৰীক্ষা কৰি বিতৰণ কৰে ঔষধ ৷

Intro:nullBody:জোনাইত চিয়াং লালী  নদীৰ খহনীয়াত গৃহহাৰা ১৯ টা পৰিয়াল অনিশ্চয়তাৰে দিন কটাইছে আশ্ৰয় শিৱিৰত / আশ্ৰয় শিৱিৰত থকা অৰ্ধশতাধিক লোক আক্ৰান্ত বিভিন্ন ৰোগত

জোনাই ১৪ আগষ্ট

জোনাইত চিয়াং লালী নদীৰ ভয়ংকৰ খহনীয়াত জাহ যো বেৰাচাপৰিৰ কুৰিখনৰো অধিক পৰিয়ালৰ বাসগৃহ | গৃহহাৰা ১৯ টা পৰিয়ালে বৰ্তমান জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা বেৰাচাপৰি প্ৰথমিক বিদ্যালয়ত স্থাপন কৰা অস্থায়ী শিবিৰত দিন কটাইছে অনিশ্চয়তাৰে | খাদ্য খোৱা পানী আদি বিভিন্ন সমস্যাৰ মাজেৰে তিনিটাকৈ দিন বিদ্যালয় গৃহতে কটাইছে কণ কণ শিশু বৃদ্ধা সহ ১৯ টা দুৰ্ভগীয়া পৰিয়ালে| ইফালে খহনীয়াচ জাহ যোৱা ১৯ টা গৃহহাৰা পৰিয়ালে পুনৰ সংস্থাপনৰ বাবে নাথাকিল এডোখৰ ভূমিও| কিন্তু এনেদৰে বিদ্যালয়ত আশ্ৰয় দিব কিমান দিন | ইয়াক লৈ হাহাকাৰ সৃষ্টি হৈছে আশ্ৰয় শিবিৰত থকা পৰিয়ালসমূহৰ মাজত | উল্লেখ্য যে বেৰাচাপৰি প্ৰাথমিক বিদ্যালয় আশ্ৰয় শিৱিৰত থকা প্ৰায় অৰ্ধশতাধিক লোকৰ মাজত দেখা দিছে নানান বেমাৰে| আশ্ৰয় শিৱিৰটোত থকা শিশুৰ পৰা বৃদ্ধলৈ জৰ, কাহ, চৰ্দি, মূৰৰ বিষ আদি বিভিন্ন বেমাৰে দেখা দিয়াত অধিক চিন্তিত হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালসমূহৰ মাজত | অৱশ্যে মংগলবাৰে এটা চিকিৎসকৰ দলে শিবিৰটোত থকা বিভিন্ন জনক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত বিতৰন কৰে ঔষধ পাতিও|

কৰবী দলে জোনাই

Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.