ETV Bharat / state

স্বাধীনতাৰ 73 বছৰ পিচতো পৰাধীনতাৰ কৱলত এখন গাঁও

author img

By

Published : Jul 26, 2020, 10:27 PM IST

বাৰিষাৰ আগমন হ'লেই বহি:জগতৰ পৰা যাতায়তৰ ব্যৱস্থাৰ বাবে সম্পূৰ্ণ বিছিন্ন হৈ পৰে এখন গাঁও ৷ ধেমাজি বিধানসভা অধীনৰ বাটঘৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত অতি ভিতৰুৱা সৰুঢেকেৰা গাঁৱলৈ যোৱাৰ বাবে নাই কোনো ধৰণৰ পথ-দলঙৰ ব্যৱস্থা । বাঢ়নী পানীত জলবন্দী হৈ পৰে গাঁৱখনৰ দুকুৰিৰো অধিক পৰিয়াল । গাঁৱখনলৈ যোৱা পথাৰ সদৃশ পথত পানী গভীৰতা ইমানেই বেছি হৈ পৰে যে বছৰৰ 8-9 মাহে কেৱল নাৱেৰে অহা যোৱা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় ।

FLODD AFEECTED AREA IN DHEMAJI
স্বাধীনতাৰ 73 বছৰ পিচতো পৰাধীনতাৰ কবলত এখন গাঁও

ধেমাজি , 26 জুলাই : ৰাজ্যত বানপানীৰ কৱলত পৰিছে 29 খন জিলাৰ কেইবা লক্ষাধিক জনতা ৷ উফন্দি উঠা নৈ-উপনৈৰ জলপৃষ্ঠাই বুৰাই পেলাইছে ৰাজ্যৰ বিভিন্ন অঞ্চল ৷ ধেমাজি জিলাতো বানপানীয়ে তাণ্ডব সৃষ্টি কৰি আহিছে ৷ জীয়াঢলৰ বানৰ কবলত পৰি দিশহাৰা হৈ পৰিছে জিলাখনৰ বহু লোক ৷ ইতিমধ্যে,সংহাৰী বানত বিধবস্ত হৈছে ৰাস্তা-ঘাট । জাহ গৈছে ঘৰ ভেটি আৰু শ শ হেক্টৰ কৃষি ভূমি ।

ইপিনে বাৰিষাৰ আগমন হ'লেই বহি:জগতৰ পৰা যাতায়তৰ ব্যৱস্থাৰ বাবে সম্পূৰ্ণ বিছিন্ন হৈ পৰে এখন গাঁও ৷ ধেমাজি বিধানসভা অধীনৰ বাটঘৰীয়া গাওঁ পঞ্চায়তৰ অন্তৰ্গত অতি ভিতৰুৱা সৰুঢেকেৰা গাঁৱলৈ যোৱাৰ বাবে নাই কোনো ধৰণৰ পথ-দলঙৰ ব্যৱস্থা । বাঢ়নী পানীত জলবন্দী হৈ পৰে গাঁৱখনৰ দুকুৰিৰো অধিক পৰিয়াল । গাঁৱখনলৈ যোৱা পথাৰ সদৃশ পথত পানী গভীৰতা ইমানেই বেছি হৈ পৰে যে বছৰৰ 8-9 মাহে কেৱল নাৱেৰে অহা যোৱা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । অনুৰূপভাৱে যিকোনো ব্যক্তি গাওঁখনলৈ যাবলগীয়া হলে টুলুঙা নাৱেৰে পাৰা হ'ব লগা হয় ।

গাঁৱবাসীয়ে জনোৱা অনুসৰি, প্ৰতি ঘৰতে আছে একোখন টুলুঙা নাও । আনকি,গাঁৱখনৰ ৰোগী চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত যমৰ-যাতনা ভুগি আহিছে গাঁৱবাসীয়ে । আনহাতে,যাতায়তৰ দুৰৱস্থাৰ বাবে জন প্ৰতিনিধিসকলে 2 কিলোমিটাৰ আঁতৰতে গাড়ী ঘুৰাই উভতি যায় । অৱশ্যে নিৰ্বাচন প্ৰাকক্ষণত ঠিক মতেই আহি প্ৰতিশ্ৰুতি দি যোৱা বুলিও অভিযোগ উখাপন কৰে ৰাইজে ।

লগতে পঢ়ক : অৰুণাচলত কোভিড আক্ৰান্তক চিকিৎসালয়ৰ পৰা খেদি পঠিওৱাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.