ধেমাজি,23 নৱেম্বৰঃ যোৱা ১৩ নৱেম্বৰত ধেমাজিৰ গোগামুখত গুলি চালনা কৰি ট্ৰাক চালকৰ পৰা ডকাইটি কৰা ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে ধেমাজি আৰক্ষী|দেওবাৰে নিশা ধেমাজি আৰক্ষীয়ে চলোৱা এক অভিযানত গ্ৰেপ্তাৰ কৰে ৫ টাকৈ দুধৰ্ষ ডকাইটক ৷ লক্ষণীয় বিষয়টো হ'ল এই ডকাইটিৰ ঘটনাত জড়িত আছিল ধেমাজিৰ ২ জন যুৱ ছাত্ৰ পৰিষদৰ নেতা আৰু এজন 13th APBNৰ জোৱান ৷
গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১ লাখ ৩৫ হাজাৰ নগদ ধন,২ টাকৈ পিষ্টল,১৪ দাই সজীৱ গুলীৰ লগতে ঘটনাত ব্যৱহৃত এখন i10 গাড়ী আৰু এখন পালচাৰ বাইক জব্দ কৰে ৷ ধেমাজি আৰক্ষী অধীক্ষক ধনঞ্জয় ঘানাৱটে এক সংবাদমেল আয়োজন কৰি উদ্ধাৰ কৰা সামগ্ৰী আৰু ঘটনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত বিৱৰণ দাঙি ধৰে সমগ্ৰ ঘটনাৰ ৷