জোনাই, 11 মে’: জোনাইত সোমবাৰে নিশা সংঘটিত হয় এক গুলীয়াগুলিৰ ঘটনা ৷ জোনাই মহকুমাৰ অন্তৰ্গত 1 নং চিৰামপুৰীয়া গাঁৱৰ নিৱাসী সুভাষ চাহু নামৰ ব্যৱসায়ীজনৰ ওপৰত চাৰিজনীয়া অচিনাকি দুৰ্বৃত্তৰ দলে গুলিচালনা কৰা বুলি জানিব পৰা গৈছে ৷
নিশা প্ৰায় 9.30 বজাত ব্যৱসায়ী সুভাষ চাহুৰ ঘৰত চাৰিজনীয়া দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি চিগাৰেট বিচাৰি দোকান খুলিবলৈ নিৰ্দেশ দিয়ে ৷ তেওঁ চিগাৰেট নাই বুলি কোৱাত ব্যৱসায়ীজনৰ পৰা টকা বিচাৰে দুৰ্বৃত্তই ৷ কিন্তু ব্যৱসায়ীজনে টকা দিবলৈ অপৰাগ হোৱাত দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ী সুভাষ চাহুক ভৰি আৰু পেটত গুলীয়াই আহত কৰে ৷
গুলীৰ শব্দত ঘৰৰ অন্য সদস্যসকলে চিঞৰ-বাখৰ কৰাত দুৰ্বৃত্তৰ দলটোৱে গাড়ীৰে পলায়ন কৰে ৷ ইফালে পৰিয়ালৰ লোকে আহত সুভাষ চাহুক নিশাই এম্বুলেন্সেৰে জোনাই সমুহীয়া স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায় যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷
আনহাতে, মঙলবাৰে পুৱাই জোনাই আৰক্ষীয়ে ঘটনাৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ ক্ষুদ্ৰ ব্যৱসায়ী সুভাষ চাহুক এনেদৰে কোনে আৰু কিয় গুলীয়াই আহত কৰিলে, তাক লৈ চিন্তিত হৈ পৰিছে পৰিয়ালৰ লগতে গাঁওবাসী ৷
লগতে পঢ়ক : শিলচৰৰ এনআইটিত যুৱতীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ