ETV Bharat / state

নীলিম কুমাৰৰ বিৰুদ্ধে ধেমাজি থানাত এজাহাৰ দাখিল

author img

By

Published : Jul 7, 2020, 2:57 AM IST

আহোম জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ তুলি কবি নীলিম কুমাৰ ওৰফে হোমেন শৰ্মাৰ বিৰুদ্ধে সোমবাৰে ধেমাজি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিয়ে ৷

নীলিম কুমাৰৰ বিৰুদ্ধে ধেমাজি থানাত এজাহাৰ দাখিল
নীলিম কুমাৰৰ বিৰুদ্ধে ধেমাজি থানাত এজাহাৰ দাখিল

ধেমাজি, 7 জুলাইঃ অসমৰ এখন আগশাৰীৰ আলোচনীত নিলীম কুমাৰৰ ৰচিত এটা কবিতা প্ৰকাশৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে গোচৰ ৰুজু কৰিছে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগতে আহোম জনগোষ্ঠীয় সংগঠন সমূহে ৷ তেওঁ "এখন অসুস্থ চিটি বাছ " শীৰ্ষক কবিতাটোত বৰ অসমৰ প্ৰতিষ্ঠাতা চাউলুং চুকাফাক ‘ডাইভাৰ’ আৰু গদাপাণিক "হেণ্ডিমেন" আখ্যা দিছিল ৷

নিলীম কুমাৰৰ বিৰুদ্ধে ক্ষোভ

প্ৰান্তিক নামৰ পষেকীয়া আলোচনীৰ 2020 জুলাই মাহৰ ষাঠী নং পৃষ্ঠাত "এখন অসুস্থ চিটি বাছ " কবিতাটোত চাউলুং চুকাফাক ‘ডাইভাৰ’ আৰু গদাপাণিক "হেণ্ডিমেন" আখ্যা দি তুচ্ছ তাচ্ছিল্য কৰি ইতিহাস বিকৃত কৰাৰ লগতে আহোম জনগোষ্ঠীৰ মৰ্যদা হানি কৰাৰ অভিযোগত কবি নীলিম কুমাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷

লগতে পঢ়কঃ গড়কাপ্তানি বিভাগত দুৰ্নীতিৰ বিৰুদ্ধে সৰৱ আছু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.