ETV Bharat / state

জোনাইত আছুৰ নৱ-নিযুক্ত দায়িত্ববাহীক অভিনন্দন অনুষ্ঠান - আছু নতুন সমিতি

বৃহস্পতিবাৰে জোনাইত অভিনন্দন জনোৱা হয় আছুৰ নৱ নিৰ্বাচিত সহকাৰী সধাৰণ সম্পাদক দীপক শৰ্মা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিচঙক ৷ আছুৰ নেতা দুগৰাকীয়ে কয় যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আছুৰ স্থিতি ভৱিষ্যতেও স্থিতি একেই থাকিব ৷

AASU new committee
জোনাইত আছুৰ নৱ-নিযুক্ত দায়িত্ববাহীক অভিনন্দন অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:26 PM IST

জোনাইত আছুৰ নৱ-নিযুক্ত দায়িত্ববাহীক অভিনন্দন অনুষ্ঠান

জোনাই, ১৪ ডিচেম্বৰ : জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যেগত আৰু জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সদৌ অসম ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সহকাৰী সধাৰণ সম্পাদক দীপক শৰ্মা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিচঙক অভিনন্দন আৰু শুভাশীষ প্ৰদান কৰা হয় ৷ জোনাই বালিকা মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত কৰা এক সভাত নৱনিৰ্বাচিত বিষয়ববীয়া দুগৰাকীক অভিনন্দন জনোৱা হয় ৷

আছুৰ জোনাই মহকুমাৰ সভাপতিৰ লক্ষ্য শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে আছুৰ ধেমাজি জিলাৰ সহকাৰী সাধাৰণ সম্পাদক ৰঞ্জিৎ বসুমতাৰীয়ে৷ সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ দাসে আদৰণি ভাষণ প্ৰদান কৰা উক্ত অনুষ্ঠানত জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই, বাহিৰ জোনাই, ডেকাপাম, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতি, জোনাই গৰিয়া-মৰিয়া সংগঠনে ফুলাম গামোচা, শৰাই আৰু অভিনন্দন পত্ৰৰে উষ্ম অভিনন্দন আৰু শুভাশীষ প্ৰদান কৰে ৷

সভাত মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক দলে, মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড৹ সুখলতা ফুকন গগৈ, ইউ এন বি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক ভূমিধৰ বড়ো, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খৰ্গেশ্বৰ পেগু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, জ্যেষ্ঠ সাংবাদিক তথা জোনাই প্ৰেছ ক্লাবৰ সভাপতি ৰয়েল পেগু আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ধেমাজি জিলা সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত বৰগোঁহায়ে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ৷

অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ গগৈ, ৰবী কছাৰী, জোনাই মহকুমা ছাত্ৰ সন্থা, জোনাই, বাহিৰ জোনাই, ডেকাপাম, চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ শতাধিক কাৰ্যকৰ্তা উপস্থিত থাকে৷ আছুৰ নৱনিৰ্বাচিত সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাই সাংবাদিকৰ আগত কয় সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বেও নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে আৰু ভৱিষ্যতেও স্থিতি বাহাল থাকিব ৷ তেওঁ কয় যে আছুৰ মজিয়াত থকা অৱস্থাত যেনেদৰে অসম আৰু অসমীয়া ৰাইজৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে দায়িত্ব পালন কৰে আছুৰ মজিয়া ত্যাগ কৰাৰ পাছতো প্ৰাক্তন আছুকৰ্মীয়ে সেই দায়িত্ব বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে নিষ্ঠাৰে পালন কৰি গৈছে ৷

লগতে পঢ়ক : গঠন হ’ল আছুৰ কেন্দ্ৰীয় সমিতি; আছু জিন্দাবাদ ধ্বনিৰে মুখৰিত মৰিগাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.