ধেমাজি,9জানুৱাৰী: যি সময়ত ৰাজ্যত সংস্থাপনৰ অভাৱত একাংশ নিবনুৱাই কৰ্ম-সংস্থাপনৰ বাবে বহি ৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়ত নিজৰ ঠাইতে কৃষি বিপ্লৱৰ সূচনা কৰি নিদশৰ্ন দেখুৱাইছে একাংশ উদ্যমী নিবনুৱা যুৱকে ৷ বিশেষকৈ অসম-অৰুণাচল সীমান্তৰ শলখনিত নিলখ তৰাণি পথাৰ উদ্যমী যুৱ কৃষক ভৱেন হালৈসহ আন তিনি গৰাকীকৈ যুৱ কৃষকে কৃষি বিপ্লৱৰ জৰিয়তে আনিছে আশাৰ বতৰা ৷
সাংবাদিকৰ আগত ভৱেন হালৈয়ে জানিবলৈ দিয়ে যে, সীমান্তৰ অৰুণাচলী লোকৰ পৰা লীজত লোৱা 40 বিঘা মাটিৰ ১৬ বিঘা ৰঙালাউ, 4 বিঘাত আলু ,২০০০ ষ্ট্ৰ'বেৰী পুলি আদি এঘাৰ বিধ বিভিন্ন পাচলি জাতীয় খেতি কৰা হৈছে ৷ ইতিমধ্যে আগতীয়াকৈ ৰঙালাউ বিক্ৰী কৰি 4লাখ 50 হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ এই ৰঙালাউসমূহ ধেমাজি, তিনিচুকীয়া, চৰাইদেউ বজাৰত বিক্ৰী কৰা হৈছে ৷
ইপিনে, এইবৰ্ষত বিশাল কৃষি পামখনৰ পৰা প্ৰায় দহ লক্ষাধিক টকা আয় কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে যুৱ কৃষক গৰাকীয়ে ৷ আনহাতে, বিজ্ঞানসন্মত পানী যোগানৰ ব্যৱস্থা নথকা বাবে যথেষ্ট অসুবিধা সন্মুখীন হৈছে বুলি ব্যক্ত কৰি চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ পৰা যথোচিত সহযোগিতা পোৱা নাই বুলিও অভিযোগ কৰে ভৱেন হালৈয়ে ৷ তদুপৰি,অসমৰ শিক্ষিত নিবনুৱা প্ৰজন্মই চাকৰি বিচাৰি হাবাথুৰি খোৱাতকৈ নিজৰ ঠাইতে বিজ্ঞান সন্মতভাৱে কৃষি কৰ্মত মনোনিৱেশ কৰিলে নিঃসন্দেহে কৃষি কৰ্মত সফলতা লাভ কৰিব পাৰিব আৰু নিবনুৱা সমস্যাও সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে প্ৰগতিশীল খেতিয়কগৰাকীয়ে ৷
লগতে পঢ়কঃ ৰাইজৰ দলৰ নতুন কমিটি ঘোষণা