ETV Bharat / state

জোনাইৰ ঐৰামঘাটত কৃষক সভা

author img

By

Published : Jan 28, 2021, 7:31 PM IST

দিল্লীত কৃষকৰ আন্দোলন চলি থকাৰ মাজতে জোনাই মহকুমাৰ অন্তৰ্গত ঐৰামঘাট মূৰং ঘৰত অনুষ্ঠিত এখন কৃষক সভা ৷ সভাত জোনাই মহকুমাৰ কেমি জেলম পঞ্চায়তৰ প্ৰায় 4 খনৰো অধিক গাঁৱৰ কৃষক একত্ৰিত হয় ৷

farmers-meeting-with-businessman-at-jonai
জোনাইৰ ঐৰামঘাটত কৃষক সভা

জোনাই,28 জানুৱাৰী: তিনি খনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লীত সৰ্ববৃহৎ কৃষক আন্দোলন চলি থকাৰ সময়তে বৃহস্পতিবাৰে জোনাই মহকুমাৰ অন্তৰ্গত ঐৰামঘাট মূৰং ঘৰত অনুষ্ঠিত হৈছে এখন কৃষক সভা ৷ জেলম ঐৰামঘাট কৃষক বিকাশ সমিতিৰ উদ্যোগত জোনাই মহকুমাৰ কেমি জেলম পঞ্চায়তৰ প্ৰায় 4 খনৰো অধিক গাঁৱৰ কৃষক একত্ৰিত হৈ মালিক আৰু কৃষকসকলৰ মাজত অনুষ্ঠিত কৰে এই সভা ৷ উল্লেখযোগ্য যে, ঐৰামঘাট, কেমি, পুৰণা জেলম আৰু চিৰুং গাঁৱৰ ৰাইজৰ গোমধান,আলু, তিল আদি খেতিয়েই স্বাৱলম্বিতাৰ একমাত্ৰ পথ ৷ এই সকল কৃষৰ পৰ্যাপ্ত পৰিমাণৰ কৃষি ভূমি আছে যদিও কৃষক সকলে বিভিন্ন সমস্যা সন্মুখীন হ'ব লগাত পৰিছে ৷ যাৰ বাবে এই সমুহ সমস্যা সমাধানৰ দাবীৰে আজিৰ সভা অনুষ্ঠিত হয় ৷ সভাত সমস্যা সমুহৰ সমাধানৰ বাবে মালিকৰ লগত আলোচনাত বহে কৃষক সকল ৷

জোনাইৰ ঐৰামঘাটত কৃষক সভা

উল্লেখ্য যে, মালিক পক্ষই কৃষকৰ পৰা 11 টা পৰ্যায়ত মাকৈ কিনে ৷ প্ৰতি কেজি মাকৈত 6 টকাৰ পৰা 11 টকা প্ৰদান কৰে মালিক পক্ষই ৷ ঠাই তথা কৃষক অনুসৰি মাকৈৰ দাম বিভিন্ন হেৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰে কৃষক সকলে ৷ এই ক্ষেত্ৰত কৃষসকল যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰে কৃষক ৰাইজে ৷ সভাৰ অন্তত কৃষকৰ সহায় হোৱাকৈ বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়কঃ ডিমাচা উৎসৱৰ মাজতে গুলিচালনা, ২ জন নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.