ETV Bharat / state

Police beat up accused: ধৃত ইউটিউবাৰক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ - Dhemaji police beat up detained youth

শেহতীয়াকৈ ধেমাজিৰ এজন ইউটিউবাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । যুৱকজনক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে (Complaint against Dhemaji police)। চিচিবৰগাঁও আৰক্ষীৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ ।

Police beat up accused
ধৃত ইউটিউবাৰক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ
author img

By

Published : Nov 22, 2022, 3:23 PM IST

ধেমাজি,২২ নৱেম্বৰ : বিপদত ধেমাজিৰ এজন ইউটিউবাৰ (Dhemaji Youtuber in trouble)। প্ৰেমিকাৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ৰঙাঘৰত সোমাল ইউটিউবাৰজন । পিছে জেললৈ যোৱাৰ পূৰ্বে আৰক্ষীয়ে যুৱকজনক নিৰ্মমভাৱে অত্যাচাৰ কৰাৰ অভিযোগ যুৱকৰ পৰিয়ালৰ । আৰক্ষী থানাত যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ চিচিবৰগাওঁ আৰক্ষীৰ বিৰুদ্ধে (Allegation against Dhemaji Police)।

ধৃত ইউটিউবাৰক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ

উল্লেখ্য যে ধেমাজি জিলাৰ চিচিবৰগাওঁ আৰক্ষী চকীৰ অন্তগৰ্ত নিলখপুৰ গাৱঁৰ যুৱক নৱজ্যোতি দত্তৰ এটা ইউটিউব চেনেল আছে । য'ত তেওঁৰ প্ৰেমিকাইও অভিনয় কৰিছিল । কিন্তু প্ৰেমিকাৰ পৰিয়ালৰ লোকে যুৱকজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল । অভিযোগৰ ভিত্তিত শেহতীয়াকৈ চিচিবৰগাওঁ আৰক্ষীয়ে যুৱকজনক গ্ৰেপ্তাৰ কৰিছিল (Dhemaji Youtuber arrested)।

গ্ৰেপ্তাৰ কৰি ইতিমধ্যে যুৱকজনক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । কিন্তু গ্ৰেপ্তাৰৰ পাছতে যুৱকজনক আৰক্ষীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ কৰিছে অভিযুক্ত যুৱকজনৰ পৰিয়ালে । চিচিবৰগাওঁ আৰক্ষী চকীৰ কনিষ্টবল অৰূপ ভূঞা আৰু হৰেণ দিহিঙীয়াই আচামী ইউটিউবাৰ নৱজ্যোতি দত্তক জেললৈ প্ৰেৰণ কৰাৰ পূৰ্বে অতি নিৰ্দয়ভাৱে মাৰপিট কৰি গুৰুতৰভাৱে আঘাত কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে (Dhemaji police beat up detained youth) ৷

আৰক্ষীয়ে বলপূৰ্বকভাৱে যুৱকজনক আক্ৰমণ কৰাৰ ফলত গুপ্তাঙ্গৰ লগতে শৰীৰৰ বিভিন্ন স্থানত গুৰুতৰভাৱে আঘাত পোৱাৰো অভিযোগ উঠিছে ৷ তদুপৰি সুৰামত্ত অৱস্থাত থকা চিচিবৰগাওঁ আৰক্ষী চকীৰ কৰ্তব্যৰত আৰক্ষী বিষয়া আৰু কনিষ্টবলে যুৱকজনক আক্ৰমণ কৰাৰ লগতে পৰিয়ালৰ লোককো দুৰ্ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰিছে । সেয়ে আৰক্ষীৰ জিম্মাত থকা যুৱকক মাৰপিট কৰা সন্দৰ্ভত চিচিবৰগাওঁ আৰক্ষী চকীৰ আৰক্ষী কনিষ্টবল অৰূপ ভূঞা আৰু হৰেণ দিহিঙীয়াৰ বিৰুদ্ধে ধেমাজি জিলা আৰক্ষী অধীক্ষকক যোৱা ১৯ নৱেম্বৰত অভিযোগ দাখিল কৰিছে পৰিয়ালৰ লোকসকলে ৷

দোষী আৰক্ষী কেইজনক শাস্তি দিয়াৰ লগতে সন্তানৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰি দিবলৈও দাবী জনাইছে পৰিয়ালৰ লোকসকলে ৷ অৱশ্যে এই ক্ষেত্ৰত শীৰ্ষ আৰক্ষীসকলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব । যদি সঁচাকৈয়ে যুৱকজনক আৰক্ষী কেইজনে প্ৰহাৰ কৰিছে তেনেহ'লে অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও সময়ত লক্ষণীয় হ'ব ।

লগতে পঢ়ক :FIR against Congress MLA: মহিলাক ধৰ্ষণ আৰু মানসিক নিৰ্যাতনৰ অভিযোগত কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.