ধেমাজি, 11 নৱেম্বৰ : জীয়াঢলৰ বালিয়ে ছন পেলোৱা মাটিত মুকুতা হৈ জিলিকিছে এতিয়া সোণগুটি ৷ বান বিধ্বস্ত অঞ্চলৰ কৃষকলৈ আহিছে আশাৰ বতৰা ৷ আনন্দত নাচিছে কৃষকৰ মন প্ৰাণ ৷ কিয়নো বানে জুৰুলা কৰা ঘুগুহা দলৰ পথাৰত পৰীক্ষণমূলকভাৱে ধান খেতি কৰি (Experimental farming in Dhemaji) আশাৰ বতৰা কঢ়িয়াইছে পশ্চিম ধেমাজিৰ এগৰাকী কৃষকে ৷ নাম বলিন পাত্ৰই ৷
পশ্চিম ধেমাজিৰ ঘুগুহা পঞ্চায়তৰ অন্তগৰ্ত লাখটকীয়া গাঁৱৰ বলিন পাত্ৰৰ ঘুগুহা দলৰ পথাৰত জিলিকিছে ক’লা, ৰঙা ইত্যাদি জাতৰ ধানৰ সচঁ (Experimental farming provides hope to farmers) ৷ ইতিমধ্যে কৃষকগৰাকীয়ে আগতীয়া পকা বহু ধান চপাবলৈ আৰম্ভ কৰিছে ৷ অৱশ্যে কেবাটাও ধানৰ জাত পকীবলৈ বাকী আছে ৷
প্ৰগতিশীল কৃষকগৰাকীয়ে জানিবলৈ দিয়া মতে, পূৰ্বতে আনৰ বাৰীত সঁৰিয়হ,আলু, পিয়াজ, কল আদি খেতি কৰিছিল ৷ অৱশ্যে শেহতীয়াকৈ তেওঁ আৰম্ভ কৰিছে ধান খেতি । এইবেলি ধেমাজি কৃষি বিভাগে এইবেলি অসম কৃষি, বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ আঁচনিৰ অধীনত খেতি কৰিবলৈ দিছে দহটা উন্নত জাতৰ ধানৰ সঁচ ৷
উন্নত জাতৰ ধানৰ সঁচ কেইটা হৈছে CR 310, Black Rice , swarna sub 1, Bina 11, Bina 17, Bahadur Sub 1, DRR 14, Ranjit Sub, Mahsuri আৰু Lal ganga ৷ অৱশ্যে বালিময় পথাৰ আৰু কৃষি বিভাগৰ বীজ কঠীয়াক লৈ সন্দেহৰ অৱকাশ আছিল যদিও এতিয়া সকলো ধানতে গুটি ধৰাত সন্তোষ লভিছে কৃষকগৰাকীয়ে ৷ বৰ্তমান 20 বিঘা মাটিত এনে জাতৰ ধানৰ লগতে থলুৱা জাতৰ ধান খেতি কৰিছে কৃষকগৰাকীয়ে (Paddy cultivation in Dhemaji) ৷ সেয়ে আগ্ৰহী কৃষক, শিক্ষিত চামক ধান খেতি কৰিবলৈ আহ্বন জনাইছে ৷
উল্লেখ্য যে, Black Rice ৰ পিঠা উৎকৃষ্ট মানদণ্ডৰ আৰু বজাৰত যথেষ্ট চাহিদা আছে ৷ সেয়ে পাৰ্যমানে আৰু অধিক পৰিমাণত Black Rice ৰ খেতি কৰাৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰে কৃষক বলিন পাত্ৰই ৷
লগতে পঢ়ক : Experimental farming at Rangia : হেমা-কৰিশ্মা-আস্থাই আনিছে কৃষকলৈ আশাৰ বতৰা