ETV Bharat / state

Meeting of chaolung sukapha project:উৎপাদনমুখী কৰ্মত নিয়োজিত হ'বলৈ আহ্বান

author img

By

Published : Aug 18, 2023, 8:38 PM IST

চিমেন চাপৰিত চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন । সভাত নিৱনুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপন,তাই ভাষা শিক্ষাৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ।

Meeting of chaolung sukapha project
চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়
চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়

জোনাই, ১৮ আগষ্ট: চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ কাৰ্যনিৰ্বাহক সভা বৃহস্পতিবাৰে চিমেন চাপৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হয় এই সভাখন । উক্ত সভাখনত চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ সভানেত্ৰী ৰাণু গগৈয়ে সভাপতিত্ব কৰে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অনুষ্ঠানটোৰ সম্পাদক দিগন্ত গগৈয়ে ।

এই সভাখনত উপস্থিত থাকি চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উপদেষ্টা তোলন ফুকনে কয় যে সাম্প্ৰতিক সময়ত নিৱনুৱা সমস্যাই সমাজত ভয়াৱহ সমস্যা হিচাপে দেখা দিছে । কেৱল চৰকাৰী চাকৰিলৈ বাট নাচাই বিভিন্ন উৎপাদনমুখী কৰ্মত নিয়োজিত হৈ নিৱনুৱা যুৱক-যুৱতী সকলে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰি বুলি তেওঁ কয় । চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উপদেষ্টা তোলন ফুকনে এইক্ষেত্ৰত সকলোৱে সমূহীয়াভাৱে প্ৰচেষ্টা চলাব লাগিব বুলি কয় ।

সভাত চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উপদেষ্টা তথা চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে কয় যে মহিলা সকলে বয়ন শিল্পত মনোনিবেশ কৰি ব্যৱসায়িক ভিত্তিত বিভিন্ন সাজপাৰ উন্নত ধৰণে প্ৰস্তুত কৰি উলিয়াই বজাৰত বিক্ৰী কৰিলে চাহিদা লাভ কৰিবলৈ সক্ষম হ'ব । তেওঁ নিৱনুৱা যুৱক সকলে চোম,এড়ী গছৰ বাগান কৰি ৰেচম শিল্প ,বিভিন্ন ফল-মূল আদি উদ্যান শস্য,মীন পালনত নিয়োজিত হৈ স্বাৱলম্বী হোৱাৰ পথ গ্ৰহণ কৰিব পাৰে বুলি বক্তব্য আগবঢ়ায় । চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উপদেষ্টা তথা চিমেন চাপৰি গাঁও পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে বহুমুখী প্ৰকল্পৰ দ্বাৰা এনে সুবিধা হাতত ল'বলৈ আহ্বান জনায় ।

সভাখনত চাওলুং চ্যুকাফা বহুমুখী প্ৰকল্পৰ উপদেষ্টা ভদ্ৰেশ্বৰ দোলাকাষৰীয়া, উপ-সভাপতি ৰজনী সন্দিকৈ, সহকাৰী সম্পাদক জয়ন্ত গগৈ প্ৰমুখ্যে অনুষ্ঠানটোৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে । উক্ত সভাই হস্ততাঁত, কৃষিকৰ্ম,মীন পালন, পশু পালন আদি ক্ষেত্ৰত বিভিন্ন আঁচনিৰে চিমেন চাপৰি অঞ্চলৰ নিৱনুৱা মহিলা- যুৱক-যুৱতী সকলৰ কৰ্মসংস্থাপনৰ দিহা কৰিবলৈ পৰিকল্পনা আৰু আঁচনি প্ৰস্তুত কৰিবলৈ এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা, চিমেন চাপৰিত তাই ভাষা-শিক্ষাৰ বাবে অভিজ্ঞ ব্যক্তিৰ দ্বাৰা কৰ্মশালা অনুষ্ঠিত আদি কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰে ।

লগতে পঢ়ক:Indrani Tahbildar's Death Case : ইন্দ্রাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলৰ কঠোৰ শাস্তিৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.