ETV Bharat / state

ধেমাজিত অবৈধ সুৰাৰ ঘাটিত আবকাৰী বিভাগৰ অভিযান - excise raid at dhemaji

ধেমাজী জিলাৰ আবকাৰী বিভাগে আৰক্ষীৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে সুৰা বিৰোধী অভিযান । যোৱা দুদিনত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে আবকাৰী বিভাগে ।

ধেমাজিত অবৈধ সুৰাৰ ঘাটিত আবকাৰী বিভাগৰ অভিয়ান

author img

By

Published : Mar 19, 2021, 7:53 PM IST

ধেমাজি,১৯ মাৰ্চ: নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ চাৰিওফালে সষ্টম হৈছে আবকাৰী বিভাগ । বিভিন্ন স্থানত ইতিমধ্যে অবৈধ সুৰাৰ বিৰুদ্ধে বিভাগটোৱে অভিযান চলোৱা দেখা গৈছে । ধেমাজি জিলাৰ আবকাৰী বিভাগেও আৰক্ষীৰ সহযোগত জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে সুৰা বিৰোধী অভিযান ।

ধেমাজিত অবৈধ সুৰাৰ ঘাটিত আবকাৰী বিভাগৰ অভিয়ান
ধেমাজিত অবৈধ সুৰাৰ ঘাটিত আবকাৰী বিভাগৰ অভিয়ান

জানিব পৰা মতে ভোট কেন্দ্ৰসমূহৰ সমীপৰ অঞ্চলবোৰত এই অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । যোৱা দুদিনত জিলাখনৰ বৰদলনি, নগাওঁ, জয়ৰামপুৰ, কামচা কমা’, নলবাৰী সাপ্তাহিক বজাৰ, বৰলা চাৰিআলি, মহৰি কেম্প, গোগামুখ দৈনিক বজাৰ আদিত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় আবকাৰী বিভাগ ।

দেশীয় সুৰাৰ লগতে বহু বিলাতী সুৰা জব্দ কৰে আবকাৰী বিভাগে । লগতে কিছুমান সুৰা প্ৰস্তুতকাৰী সামগ্ৰীও উদ্ধাৰ কৰা হয় ।

লগতে পঢ়ক:ধিঙত শতাধিক এআইইউডিএফৰ কৰ্মীয়ে যোগ দিলে ৰাইজৰ দলত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.