ETV Bharat / state

ভজুগাঁও হাইস্কুলত হাতুৰীৰ কোব - ধেমাজি

জীয়াঢলে খহাইছে ভজুগাঁও হাইস্কুল ৷ হাতুৰীৰে ভাঙিছে আপোন বিদ্যালয়খন ৷ ভাবুকি আহিছে ভজুগাঁওবাসীলৈ

ভজুগাঁও হাইস্কুলত হাতুৰীৰ কোব
author img

By

Published : Aug 9, 2019, 11:27 PM IST

ধেমাজি, 9 আগষ্ট : চকুৰ সন্মুখতে উপৰ্যুপৰি হাতুৰীৰে কোবাই ভাঙিছে এখন বিদ্যালয়ৰ পকীবেৰ । খৰখেদাকৈ বেৰৰ পৰা আঁতৰাই পেলোৱা হৈছে খিৰিকীৰ লোহা আদি । ইয়াকে দেখি উচুপি উঠিল গাঁওবাসী ৷ ধেমাজিৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ন-আলি ভজুগাঁও হাইস্কুলত এতিয়া এই পৰিৱেশ । কাৰণ জীয়াঢলৰ বাঢ়নী পানীয়ে দীৰ্ঘদিন ধৰি খহনীয়াৰ সৃষ্টি কৰি শুকুৰবাৰে ভয়ংকৰ ৰূপ ধাৰন কৰে আৰু জীয়াঢলৰ বুকুত নিমিষতে জাহ যায় বিদ্যালয়ৰ এটা পকী গৃহ । লগতে আন গৃহৰ এটা শ্ৰেণী কোঠা জাহ যোৱাৰ উপক্ৰম হোৱাত বিদ্যালয়খনৰ কিছু আচ- বাব ৰক্ষা কৰিবৰ বাবে এতিয়া এনেদৰে হাতুৰীৰে ভাঙিছে আপোন বিদ্যালয়খন । কিয়নো ক্ৰমান্বয়ে জীয়াঢলে খহাই আনিছে আনটোৰ গৃহ । কেৱল বিদ্যালয় গৃহ খহাই নিয়াই নহয় সমান্তৰালকৈ ভজুগাঁওবাসীলৈও কঢ়িয়াইছে তীব্ৰ ভাবুকি । 1989 চনত স্থাপন হোৱা বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱা প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰিল গাঁওবাসী ।

Intro: উপৰ্যুপৰি হাতুৰীৰ কোব্ এখন শিক্ষানুষ্ঠানত । গাওবাসীৰ চকুৰ সন্মুখতে পানীত জাহ গৈছে এখন বিদ্যালয় । বিদ্যালয়ৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰিল গাওবাসী ।

Body: উপৰ্যুপৰি হাতুৰীৰ কোব্ এখন শিক্ষানুষ্ঠানত । গাওবাসীৰ চকুৰ সন্মুখতে পানীত জাহ গৈছে বিদ্যালয় । বিদ্যালয়ৰ দুৰৱস্থা প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰিল গাওবাসী ।

ধেমাজি , ৯।আগষ্ট : চকুৰ সন্মুখতে উপৰ্যুপৰি হাতুৰীয়ে কোবাই ভাঙি ছে এখন বিদ্যালয় পকী বেৰা । খৰখেদাকৈ পকী বেৰ পৰা আতঁৰাই পেলোৱা হৈছে খিৰিকীৰ লোহা আদি । ধেমাজিৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ন আলি ভজুগাওঁ হাই স্কুলৰ এই দৃশ্য । কাৰণ কালান্তক জীয়াঢলৰ বাঢ়নী পানীৰে দীৰ্ঘদিন ধৰি খহনীয়া সৃষ্টি কৰি শুক্ৰবাৰে ভয়ংকৰ ৰূপ ধাৰন কৰে আৰু জীয়াঢলৰ বুকুত নিমিষতে জাহ যায় বিদ্যালয়ৰ এটা সম্পূৰ্ণ পকী গৃহ । লগতে আন গৃহৰ এটা শ্ৰেণী কোঠা জাহ যোৱাৰ উপক্ৰম হোৱাত বিদ্যালয়খনৰ কিছু আচ- বাব ৰক্ষা কৰিবৰ বাবে এতিয়া এনেদৰে নিজৰ আপোন বিদ্যালয়খন ভাঙিছে হাতুৰীয়ে । কিয়নো ক্ৰমান্বয়ে জীয়াঢলে খহাই আনিছে আনটোৰ গৃহ ।
কেৱল বিদ্যালয় গৃহ খহাই নিয়াই নহয় সমান্তৰালকৈ ভজুগাওঁবাসীলৈও কঢ়িয়াইছে তীব্ৰ ভাবুকি ।বৰ্তমান এজাক বৰষুণ দিলেই গাওবাসীৰ ভেটি আৰু চোতাল তল যায় জীয়াঢলৰ বাঢ়নী পানীত ।

Conclusion:
উল্লেখ্য যে , ১৯৮৯ চনত স্থাপন হোৱা বিদ্যালয়খন অঞ্চলতটোৰ ভিতৰতে এখন জ্ঞানৰ পোহৰ বিলোৱা বিদ্যালয় ৰ ভিতৰত অন্যতম ।সেয়ে

নিজৰ আপোন বিদ্যালয়খন নদীৰ বুকুত জাহ যোৱাৰ প্ৰত্যক্ষ কৰি আৱেগিক হৈ পৰিল গাওবাসী । ঘৰৰ ভেটি তল গলেও আক্ষেপ নথকা গাওঁবাসীয়ে এতিয়া এনেদৰে নদীৰ বুকুত ক্ৰমান্বয়ে নি:শেষ হবলৈ ধৰা আপো ন অঞ্চলৰ আপোন বিদ্যালয়খনৰ এই দুৰৱস্থা প্ৰত্যক্ষ কৰি দুখ প্ৰকাশ কৰিছে ।

byte....1...teacher

byte...1+2+3.. villager women

Pradunya Bhsrali , Dhemaji assam, 9/8/2019
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.