ধেমাজি, 28 মে' : ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে ধেমাজি জিলাৰ জোনাই সমষ্টিৰ চেঙাজান, মাজৰবাৰী, গাইনদীৰ গৰাখহনীয়াৰ বুজ লয় ৷ ইয়াৰ উপৰিও নিৰ্মীয়মান অৱস্থাত থকা মথাউৰিসমূহৰ শেহতীয়া অগ্ৰগতি প্ৰত্যক্ষ কৰাৰ পিছত আবেলি ধেমাজি বিধানসভা সমষ্টিত পদাৰ্পণ কৰে ৷
ধেমাজিত উপস্থিত হৈ মন্ত্ৰীজনে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ জীয়াধল মথাউৰিত উপস্থিত হয় আৰু নিৰ্মাণৰত অৱস্থাত থকা জীয়াধল মথাউৰিটোৰ কামৰ অগ্ৰগতিৰ বুজ লয় ৷ মন্ত্ৰী গৰাকীয়ে ক্ষেত্ৰ পৰিদৰ্শনৰ সময়তে ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ লগতে বিভাগৰ বিষয়াসকলৰ পৰা জীয়াধল নদীৰ প্ৰকৃতি, চৰিত্ৰ, ধ্বংসলীলাৰ বিষয়ে বুজ লয় ৷
ইপিনে জীয়াধল মথাউৰি আৰু নদী পৰিদৰ্শনৰ পিছত সংবাদ মাধ্যমৰ সৈতে মুখামুখি হৈ ধেমাজিৰ চকুলো জীয়াধল নদী নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ উল্লেখযোগ্য যে, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ৰাজ্যৰ শিক্ষা মন্ত্ৰী তথা স্থানীয় বিধায়ক ডাঃ ৰনোজ পেগু জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৰ লগতে জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়া আৰু ধেমাজি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই সংগ দিয়ে মন্ত্ৰীজনক ৷
লগতে পঢ়ক : শিৱসাগৰত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ ল’লে স্বাস্থ্যমন্ত্ৰীয়ে