ETV Bharat / state

Beekeeping in Dhemaji: জীয়াঢলত মৌ-পালনেৰে অৰ্থনৈতিক বিপ্লৱ কৃষকৰ - Beekeeping in Dhemaji

ধেমাজিৰ জীয়াঢলৰ বানপীড়িত অঞ্চলত একাংশ কৃষকে আৰম্ভ কৰিছে মৌ-পালন (Beekeeping in Dhemaji)। হেচুলিপাম পথাৰত মৌ-পালনেৰে অৰ্থনৈতিক বিপ্লৱ আনিছে কৃষকসকলে । এতিয়ালৈ ৩০ টা মৌ বাকচৰ পৰা ১ কুইণ্টল ২০ কেজি মৌ উৎপাদন কৰিবলৈ সক্ষম হৈছে ।

Beekeeping in Dhemaji
জীয়াঢলত মৌ-পালনেৰে অৰ্থনৈতিক বিপ্লৱ কৃষকৰ
author img

By

Published : Dec 29, 2022, 1:16 PM IST

জীয়াঢলত মৌ-পালনেৰে অৰ্থনৈতিক বিপ্লৱ কৃষকৰ

ধেমাজি,২৯ ডিচেম্বৰ : ধেমাজিৰ জীয়াঢলৰ বানাক্ৰান্ত অঞ্চলৰ একাংশ কৃষকৰ মুখত হাঁহি বিৰিঙিছে । মৌ-পালনেৰে স্বাৱলম্বী হোৱাৰ অন্যতম পথ দেখিছে কৃষকসকলে । বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰ উপৰিও কৃষকসকলে মৌ-পালনৰ জৰিয়তে অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে (Economic revolution of farmers with beekeeping)।

উল্লেখ্য যে প্ৰতিবছৰে বানে ধ্বংসলীলা চলাই ধেমাজিৰ বিভিন্ন অঞ্চলত । যাৰ বাবে মূলক কৃষকসকল বিভিন্ন ধৰণে ক্ষতিগ্ৰস্ত হয় । বানে পথাৰত পেলাই যোৱা পলসৰ বাবে কৃষকসকলে অৱশ্যে সৰিয়হকে ধৰি বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰ খেতি কৰিব পাৰে । কিন্তু পৰিয়াল পোহপাল দিবলৈ সেয়া তেওঁলোকৰ বাবে যথেষ্ট নহয় ।

সেয়েহে কৃষিৰ উপৰিও জীয়াঢলৰ একাংশ কৃষকে আৰম্ভ কৰিছে মৌ-পালন (Beekeeping in flood affected areas of Dhemaji)। হেচুলিপাম পথাৰত মৌ-পালনেৰে এতিয়া অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে কৃষকসকলে । এটা, দুটা নহয় বালিময় কৃষি পথাৰত শাৰী শাৰী মৌ-পালনৰ বাকচ থৈছে কৃষকসকলে ৷

উল্লেখ্য যে অঞ্চলটোৰ উদ্যমী যুৱ কৃষক ক্ৰমে কুশল, নন্দেশ্বৰ, প্ৰণৱ, ডিমেশ্বৰ, প্ৰভাত, তৰুণ, বিমলৰ লগতে প্ৰায় ৩০ গৰাকীকৈ কৃষক এতিয়া মৌ-পালনত ব্যস্ত হৈ পৰিছে । কেৱল পুৰুষসকলেই নহয় লক্ষীমাই আৰু পূৰৱী নামৰ দুগৰাকী মহিলাও এই কামত জড়িত হৈ পৰিছে ৷ কৃষকসকলে জনোৱা মতে 'National Agricultural Co-Operative Marketing Federation Of India Limited' চমুকৈ NAFED নামৰ সংস্থাই তেওঁলোকক মৌ-পালনৰ প্ৰশিক্ষণ দি মৌ আৰু মৌ-পালনৰ বাকচ যোগান ধৰিছে ৷ বিশেষকৈ শালিখেতি কৰিব নোৱাৰা বানাক্ৰান্ত এলেকাত বৈজ্ঞানিক পদ্ধতিৰে মৌ-পালন কৰিবলৈ কৃষকসকলক সংস্থাটোৱে উৎসাহিত কৰিছে ৷

ইতিমধ্যে প্ৰথম পৰ্যায়ত ৩০ টা মৌ-মাখিৰ বাকচ পথাৰৰ বিভিন্ন দিশত স্থাপন কৰি পহিলা সপ্তাহতে মৌ ৰস উৎপাদন কৰিবলৈ সক্ষম হৈছে কৃষকসকল । যাৰ বাবে তেওঁলোকৰ মুখত হাঁহি বিৰিঙিছে । এই মৌ ৰসখিনি স্থানীয় বজাৰত বিক্ৰী কৰাৰ লগতে সংশ্লিষ্ট সংস্থাৰ জৰিয়তে বিক্ৰীৰ ব্যৱস্থা কৰিছে কৃষকসকলে । ইয়াৰ জৰিয়তে যথেষ্ট পৰিমাণে লাভাৱান্বিত হ'ব বুলিও আশা প্ৰকাশ কৰিছে কৃষকসকলে । পৰৱৰ্তী সময়ত আৰু অধিক মৌ বাকচৰ জৰিয়তে ইয়াতকৈও বেছি মৌ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে কৃষকসকলে ।

ইফালে NAFED সংস্থাটোৰ ধেমাজি খণ্ডৰ পৰিচালকে জানিবলৈ দিয়া মতে ধেমাজি উন্নয়ন খণ্ডত বিভিন্ন অঞ্চল সামৰি ২০০ গৰাকী কৃষকৰ গোট গঠন কৰি মৌ-পালনৰ বাবে ১০০ টা মৌ বাকচ যোগান ধৰা হৈছে ৷ এতিয়ালৈকে কেৱল ৩০ টা বাকচৰ পৰাই এক কুইণ্টল ২০ কেজি মৌ উৎপাদন কৰিবলৈ সক্ষম হোৱা বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :ARIDA Property Expo: ২ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ এৰিডাৰ সম্পত্তি মেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.