ETV Bharat / state

ৰাজ্যব্যাপী দূৰ্গতিনাশীনিৰ আৰাধনাঃ আকৰ্ষণীয় ৰূপত প্ৰাণ পাই উঠিছে পূজামণ্ডপ - খুমটাইৰ চিনাতলিতো ২২ সংখ্যক দূৰ্গাপূজা

চিনাতলিৰ সমান্তৰালকৈ ধেমাজি, জোনাই আৰু বঙাইগাঁৱতো দেখা গৈছে দুৰ্গোৎসৱৰ ব্যাপক প্ৰস্তুতি ৷ জোনাই মহকুমাৰ ভিতৰত আটাইতকৈ পুৰণি মুৰ্কংচেলেক লক্ষী নেপালী বস্তি সাৰ্বজনীন দুৰ্গা মন্দিৰৰ লগতে জোনাইত  ১০ খনৰো অধিক পূজা মণ্ডপ আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷ একেদৰে গোৱালপাৰা চহৰৰ ১নং কলনী অশোক নগৰত সম্পূৰ্ণ বাঁহেৰে নিৰ্মান কৰা হৈছে পূজাৰ মণ্ডপ  ৷ স্থানীয় যুৱশিল্পী সকলে নিৰ্মান কৰি উলিয়াইছে এই মণ্ডপটো  ৷ আনহাতে নিউবঙাইগাওঁ ডাংতল ৰেলৱে মাৰ্কেটৰ পূজা মণ্ডপ সজোৱা হৈছে ড্ৰেগনৰ আৰ্হিত ৷ ঢালিগাঁও চুঙাপোতাত স্বৰ্ণ মন্দিৰৰ আৰ্হিত সজোৱা হৈছে পুজা মণ্ডপ ৷

ৰাজ্যব্যাপী দূৰ্গতিনাশীনিৰ আৰাধনাঃ আকৰ্ষণীয় ৰূপত প্ৰাণ পাই উঠিছে পূজামণ্ডপ
author img

By

Published : Oct 4, 2019, 9:39 PM IST

নিউজ ডেক্স, 4 অক্টোবৰঃ নিয়ৰ সনা দুৱৰিত দুভৰি তিয়াই মৰ্তলৈ আহিল মহিষমৰ্দিনী | মহাষষ্ঠীৰ পৱিত্ৰ দিনটোৰ পৰাই চৌদিশে আৰম্ভ হৈছে দুৰ্গতিনাশিনীৰ আৰাধনা | সমগ্ৰ দেশতে দুৰ্গা পূজাকলৈ চলিছে এক আঘোষিত প্ৰতিযোগিতা | ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰিবলৈ ন ন ৰূপত সাজি উলিওৱা হৈছে পূজা মণ্ডপসমূহ ৷ কৰবাত যদি গছেৰে মণ্ডপ নিৰ্মিত হৈছে আন কৰবাত মণ্ডপ নিৰ্মাণ কৰিছে বাঁহেৰে, কৰবাত আকৌ ৰাষ্ট্ৰীয় পক্ষী ময়ুৰৰ আকৃতিত নিৰ্মান কৰা হৈছে বৃহৎ পূজা মণ্ডপ ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাৰ প্ৰস্তুতি সন্দৰ্ভত আমাৰ বিশেষ প্ৰতিবেদন..

ৰাজ্যব্যাপী দূৰ্গতিনাশীনিৰ আৰাধনাঃ ন ন ৰূপত প্ৰাণ পাই উঠিছে পূজামণ্ডপ

Anchor :-গোৱালপাৰা ১নং কলনীৰ অশোক নগৰত দুৰ্গা পূজাৰ বিষেক আয়োজন।প্লাষ্টিক মুক্ত এখন পূজা মণ্ডপ।সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত এই পূজা মণ্ডপটোৱে বিষেক আকৰ্ষণীয় হৈ পৰিব গোৱালপাৰা অশোক নগৰত। ৯০ শতাংশ কাম সম্পূৰ্ণ।

VO :- সমগ্ৰ দেশতে এতিয়া দুৰ্গা পূজাকলৈ চলিছে আঘোষিত প্ৰতিযোগিতা।ব্যতিক্ৰম নহয় গোৱালপাৰাও।গোৱালপাৰাতো চলিছে দুৰ্গাপূজাৰ বিষেক আয়োজন।কৰবাত যদি গছেৰে মণ্ডপ নিৰ্মিত হৈছে আন কৰবাত মণ্ডপ নিৰ্মাণ কৰিছে বাঁহেৰে।গোৱালপাৰা চহৰৰ ১নং কলনী অশোক নগৰত সম্পুৰ্ণ বাঁহেৰে নিৰ্মিত পূজা মণ্ডপ।স্থানীয় যুৱক শিল্প সকলে নিৰ্মান কৰি উলিয়াইছে এই মণ্ডপটো।কুলা, বিচনী,উল সূতা আৰু তাল গছৰ পাতেৰে, চমক দিবলৈ এক ব্যতিক্ৰম ৰূপত সাজিছে পূজা মণ্ডপ।মুঠতে জিলা খনত পূজাকলৈ চলিছে এক আঘোষিত প্ৰতিযোগিতা।ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰিবলৈ ন ন ৰূপত সাজিছে পূজা মণ্ডপ সমূহ।

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, ই টি ভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.